মুম্বাইঃ মুম্বাইৰ ওপৰত চকু আইছিছৰ৷ ভাৰতত অহৰহ ঘাটী স্থাপনৰ বাবে চেষ্টা চলাই অহা বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে এইবাৰ জলপথেৰে প্ৰৱেশৰ বাবে যো-জা চলাইছে। মুম্বাই চহৰৰ উপকূলীয়া অঞ্চলেৰে জনবহুল চহৰখনত শেহতীয়াকৈ সোমোৱাৰ চেষ্টা কৰা সন্ত্ৰাসবাদী সংগঠনটোৰ সকলো চেষ্টা ব্যৰ্থ কৰিছে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে৷

ভাৰতীয় উপকুল নিৰাপত্তাৰক্ষীয়ে প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য৷ সোমবাৰে ফেক্সৰ জৰিয়তে মুম্বাই আৰক্ষীক এই তথ্য জনাইছিল উপকুল নিৰাপত্তাৰক্ষী বাহিনীয়ে৷ সন্ত্ৰাসবাদী সংগঠনটোৰ ৪ জন সদস্যই এই চেষ্টা কৰিছিল৷  ইয়াৰ পিছতে সমগ্ৰ মুম্বাই চহৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ বিষয়টোৰ ওপৰত নিৰাপত্তা বাহিনীয়ে তদন্ত আৰম্ভ কৰিছে৷