৩৭ দিন অতিক্ৰম কৰিলে ইজৰাইল-হামাছৰ যুদ্ধই। এই যুদ্ধই গাজা ষ্ট্ৰিপলৈ নমাই অনা বিভীষিকাৰ দৃশ্যই আজি শিঁহৰিত কৰিছে সমগ্ৰ বিশ্ববাসীক। পেলেষ্টাইন প্ৰশাসনৰ তথ্য অনুসৰি, এতিয়ালৈকে ১১,২৬১ পেলষ্টাইনীৰ প্ৰাণ কাঢ়িছে ইজৰাইলৰ বিধ্বংসী আক্ৰমণে। যাৰ ভিতৰত আছে ৪৫০৬ টি শিশু আৰু ৩০২৭ গৰাকী মহিলা। ইফালে ৩০৮ গৰাকী ইজৰাইলী সেনা জোৱানসহ এই যুদ্ধত প্ৰাণ গৈছে প্ৰায় ১৪০০ গৰাকী ইজৰাইলী নাগৰিকৰো। প্ৰথমে ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণ, আৰু তাৰ পিছত গাজাৰ বুকুত ইজৰাইলৰ প্ৰতিশোধমূলক প্ৰত্যাক্ৰমণে সৃষ্টি কৰা বিভীষিকাক লৈ আজি উদ্বেগ ব্যক্ত কৰিছে বিশ্বৰ কেইবাখনো দেশে। 

ইজৰাইল-হামাছৰ এই যুদ্ধত সংযুক্ত ৰাষ্ট্ৰ, ইউ কে, জাৰ্মানীৰ দৰে দেশে যদি ইজৰাইলৰ পক্ষত থিয় দিছে, ইফালে কাটাৰ, ইৰাণ, দক্ষিণ আফ্ৰিকাৰ দৰে দেশে সমৰ্থন ব্যক্ত কৰিছে পেলেষ্টাইন আৰু হামাছৰ প্ৰতি। ইয়াৰ মাজতে যোৱা সপ্তাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পেলেষ্টাইনৰ ভূখণ্ডত ইজৰাইলী বসতি স্থাপনক গৰিহণা দি গৃহীত কৰা হয় এক প্ৰস্তাৱ। ৰাষ্ট্ৰসংঘৰ এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে ভাৰতেও।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ‘পূব জেৰুজালেম আৰু ছিৰিয়াৰ গোলানকে ধৰি দখলকৃত পেলেষ্টাইনী ভূখণ্ডত ইজৰাইলৰ বসতি’ শীৰ্ষক প্ৰস্তাৱটো দাখিল কৰা হয়। এই প্ৰস্তাৱৰ সমৰ্থনত ১৪৫টা ভোট পৰাৰ বিপৰীতে বিৰুদ্ধে ভোটদান কৰে ৭খন দেশে। ইয়াৰোপৰি ১৮খন দেশে ভোটদানৰ পৰা বিৰত থাকে। এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিয়া দেশসমূহ হ’ল কানাডা, হাংগেৰী, ইজৰাইল, মাৰ্শ্বেল দ্বীপপুঞ্জ, ফেডাৰেটেড ষ্টেটছ অৱ মাইক্ৰ’নেছিয়া, নাউৰু আৰু আমেৰিকা।

ৰাষ্ট্ৰসংঘত গৃহীত এই প্ৰস্তাৱত ইজৰাইলৰ বিৰুদ্ধে ভোটদান কৰে  ভাৰতে। ভাৰতৰ উপৰিও ইজৰাইলৰ বিৰুদ্ধে ভোট দিয়া দেশসমূহ হ’ল বাংলাদেশ, ভূটান, চীন, ফ্ৰান্স, জাপান, মালয়েছিয়া, মালদ্বীপ, ৰাছিয়া, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু ব্ৰিটেইন।

ইংৰাজী দৈনিক 'দ্য হিন্দু’ক ভাৰতীয় বিষয়াসকলে জনোৱা মতে, ৰাষ্ট্ৰসংঘত ইজৰাইলৰ প্ৰতি ভাৰতৰ স্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। সেই বিষয়াগৰাকীয়ে লগতে কয় যে ইজৰাইল সন্দৰ্ভত এনে প্ৰস্তাৱ ৰাষ্ট্ৰসংঘত প্ৰতি বছৰে আহে আৰু ভাৰতৰ স্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই।

ইজৰাইলৰ বিৰুদ্ধে ভাৰতৰ স্থিতি কিয়?

থিংক টেংক অ’আৰএফৰ ফেল’ কবীৰ তানেজাই লিখিছে যে ইজৰাইলৰ বিৰুদ্ধে ভাৰতে ভোটদান কৰাটো কোনো আচৰিত বিষয় নহয়। তানেজাই লিখিছে, “ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ইজৰাইলৰ বিৰুদ্ধে প্ৰস্তাৱৰ সপক্ষে ভাৰতে ভোটদান কৰাটো আচৰিত কথা নহয়। ভাৰতে দুখন ৰাষ্ট্ৰৰ মাজত উদ্ভৱ হোৱা সংঘাতৰ অৱসান আৰু সমস্যাৰ সমাধানক সমৰ্থন কৰে আৰু আৰৱ দেশসমূহৰ সৈতে ভাৰতৰ ভাৰসাম্য ৰক্ষাৰ নীতিও পুৰণি। এই প্ৰস্তাৱ সন্ত্ৰাসবাদৰ বিষয়টোৰ পৰাও পৃথক আছিল।''

ভাৰতৰ সুপৰিচিত সামৰিক বিশেষজ্ঞ ব্ৰহ্ম চেলানীয়ে কয়, “ৰাষ্ট্ৰসংঘত ইজৰাইলৰ বিৰুদ্ধে প্ৰস্তাৱত যিদৰে ভোটদান হৈছিল, তাৰ পৰা এয়া স্পষ্ট হৈ পৰিছে যে আমেৰিকা বিচ্ছিন্ন হৈ পৰিছে। কানাডাৰ বাহিৰে আমেৰিকাক সকলো মিত্ৰশক্তিয়ে অকলে এৰি থৈ গৈছে।’’ ব্ৰহ্ম চেলানীৰ এই টুইটৰ প্ৰতি সঁহাৰি জনাই জ্যেষ্ঠ সাংবাদিক বিক্ৰম চন্দ্ৰই লিখিছে, “ভাৰতৰ ক্ষেত্ৰত নিয়মভিত্তিক ব্যৱস্থাৰ কথা কোৱা ট্ৰুডোৱে পেলেষ্টাইনৰ ভূখণ্ড ইজৰাইলে দখল কৰা কাৰ্যকো সমৰ্থন আগবঢ়াইছে।”

কিন্তু যোৱা মাহত যেতিয়া গাজাত ইজৰাইলৰ আক্ৰমণ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত যুদ্ধবিৰতিৰ প্ৰস্তাৱ অনা হৈছিল তেতিয়া ভাৰত ভোটদানৰ পৰা বিৰত আছিল। সেই সময়ত ইজৰাইলৰ প্ৰতি মোদী চৰকাৰৰ এয়া নৰম স্থিতি বুলি অনুমান কৰা হৈছিল।

যোৱা সপ্তাহত ইজৰাইলৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱক আমেৰিকাই একপক্ষীয় বুলি অভিহিত কৰিছিল। এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিবলৈ আবেদন জনোৱাৰ সময়ত ইজৰাইলে কৈছিল, “আমি আপোনালোক সকলোকে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনাইছো।” ৭ অক্টোবৰত হামাছে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পিছতো প্ৰস্তাৱটোত ইয়াৰ উল্লেখ নাই। হামাছৰ যুদ্ধাপৰাধৰ কোনো উল্লেখ নাছিল প্ৰস্তাৱত। এনে পৰিস্থিতিত ইজৰাইলে সকলো দেশক এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনায়। কিন্তু ইজৰাইলৰ এই আহ্বানৰ প্ৰতি গুৰুত্ব নিদি ভাৰতে এই প্ৰস্তাৱৰ সমৰ্থনত অৰ্থাৎ ইজৰাইলৰ বিৰুদ্ধে ভোটদান কৰে।

ভাৰতৰ স্থিতিৰ অৰ্থ কি?

ৰাষ্ট্ৰসংঘত ইজৰাইলৰ বিৰুদ্ধে ভাৰতে ভোট দিয়াটোও বহু লোকে ইজৰাইলৰ ওপৰত মোদী চৰকাৰৰ নীতিৰ পৰিৱৰ্তন বুলি দাবী কৰিছে। ২৬ অক্টোবৰত গাজাত ইজৰাইলে অব্যাহত ৰখা আক্ৰমণ সন্দৰ্ভত ৰাষ্ট্ৰসংঘত জৰুৰীকালীন অধিৱেশন আহ্বান কৰা হৈছিল আৰু ভাৰতে যুদ্ধবিৰতিৰ প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত আছিল।

ভাৰতৰ এই স্থিতি ইজৰাইলৰ পক্ষত বিবেচিত হৈছিল। তেতিয়া ভাৰতে কৈছিল যে এই প্ৰস্তাৱত ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ভূখণ্ডত কৰা আক্ৰমণৰ কোনো উল্লেখ নাই, আৰু ভাৰতে সদায়েই সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা প্ৰদৰ্শন কৰি আহিছে। 

২৬ অক্টোবৰত ৰাষ্ট্ৰসংঘত ভোটদানৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰৱ আৰু উপসাগৰীয় দেশৰ বহু নেতাৰ সৈতে কথা পাতিছে। এই কথা-বতৰাত আৰৱ নেতাসকলে প্ৰধানমন্ত্ৰী মোদীক  পেলেষ্টাইনীসকলৰ পক্ষত থিয় দিবলৈ আহ্বান জনাইছিল। ইয়াৰ ভিতৰত আছিল ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি, ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ান আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফাতাহ আল চিছি।

সোমবাৰে ইণ্ডো-আমেৰিকা ফ্ৰেইণ্ডশ্বিপ এছ’চিয়েশ্যনে আয়োজন কৰা এক আলোচনাত আমেৰিকা আৰু ব্ৰিটেইনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত নৱতেজ সাৰনাই কয়, “ভাৰতৰ এই স্থিতি সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় স্বাৰ্থত লোৱা আৰু সম্পূৰ্ণ বাস্তৱসন্মত। যদি আমি আৰৱ দেশসমূহকো চাওঁ, তেন্তে তাৰ পৰাও পেলেষ্টাইনীসকলৰ সমৰ্থনত কোনো শক্তিশালী সঁহাৰি পোৱা নাই। ভাৰতৰ স্থিতি আমি ক’ত থিয় দিছো তাৰ এক গুৰুত্বপূৰ্ণ সূচক। আমি ইজৰাইলৰ সৈতে দুখন ৰাষ্ট্ৰৰ সমাধানৰ নীতিত থিয় দিছো।’’

প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি হৈ থকা টি এছ তিৰুমূৰ্তিয়ে ইজৰাইল-হামাছ যুদ্ধৰ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ বিষয়ে ৩১ অক্টোবৰত ইংৰাজী কাকত ‘দ্য হিন্দু’ত লিখিছিল যে ইজৰাইল-পেলেষ্টাইন সংকটৰ দ্বিপাক্ষিক সমাধান ভাৰতে সদায় বিচাৰি আহিছে। ইজৰাইলৰ ভিতৰত সন্ত্ৰাসবাদী আক্ৰমণক লৈ ভাৰতে চিন্তিত হোৱাতো স্বাভাৱিক আছিল বুলিও তেওঁ মন্তব্য কৰিছে।

আৰৱ দেশসমূহৰ মনোভাৱ কেনেকুৱা?

টি এছ তিৰুমূৰ্তিয়ে লিখিছে, “ইজৰাইল-পেলেষ্টাইন সংকটত পশ্চিমৰ ভণ্ডামি আৰু দুমুখীয়া নীতিক লৈ সমালোচনা হ’ব পাৰে, কিন্তু এই বিষয়ত আৰৱসকল ধোৱা তুলসীৰ পাত নেকি? পেলেষ্টাইনীসকলক একাষৰীয়া কৰা বাবে আৰৱ দেশসমূহো দায়ী নহয়নে?"

“ইজৰাইলৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰাৰ দৌৰত আৰৱ দেশসমূহে পেলেষ্টাইনীসকলৰ বিষয়টোৰ ওপৰত আলোচনা কৰাৰ সময়ত কয় যে ইজৰাইলে এতিয়া পেলেষ্টাইনৰ আৰু কোনো অঞ্চল অন্তৰ্ভুক্ত নকৰিবলৈ সন্মত হৈছে। অৱশ্যে ইজৰাইলে ইয়াৰ সম্পূৰ্ণ বিপৰীত কাম কৰি আহিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ইৰাণক পেলেষ্টাইনত নহয়, পশ্চিম এছিয়াত ইছ্যু হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰে। বৰ্তমান ইজৰাইল সন্দৰ্ভত আৰৱ দেশসমূহৰ প্ৰতিক্ৰিয়া হৈছে পেলেষ্টাইনীসকলৰ সমৰ্থনত ৰাজপথত চলি থকা প্ৰতিবাদ বন্ধ কৰা।’’ –তিৰুমূৰ্তিয়ে লিখিছে।

তেওঁ লগতে লিখিছে, “গাজাত ইজৰাইলৰ আক্ৰমণ বন্ধ কৰিবলৈ উপসাগৰীয় দেশসমূহে নিজৰ তেলক অস্ত্ৰ হিচাপে গঢ়ি তুলিব নোৱাৰিলেহেতেননে? পেলেষ্টাইনীসকলৰ অধিকাৰক আওকাণ কৰি ইজৰাইলৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰিলেই তেওঁলোকে নিৰাপত্তা লাভ নকৰে, তাকো যেতিয়া উপসাগৰীয় দেশসমূহত উদাৰ চৰকাৰ গঠনৰ কথা কোৱা হৈছে।’’

২৬ অক্টোবৰত যেতিয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গাজাত যুদ্ধবিৰতি প্ৰস্তাৱৰ ওপৰত ভাৰতে ভোটদানৰ পৰা বিৰত আছিল, তেতিয়া ফ্ৰান্সৰ উদাহৰণ দিয়া হৈছিল। ফ্ৰান্সে যুদ্ধবিৰতিৰ সমৰ্থনত ভোটদান কৰাৰ বিপৰীতে পশ্চিমীয়া দেশসমূহে মুকলিকৈ ইজৰাইললৈ সমৰ্থন ব্যক্ত কৰিছিল। ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও ইজৰাইল ভ্ৰমণ কৰি ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতনিয়াহুৰ পক্ষত থিয় দিয়াৰ আশ্বাস দিয়ে।

আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিশেষজ্ঞ নিৰুপমা সুব্ৰমণিয়ামে ফ্ৰান্সৰ স্থিতিৰ সন্দৰ্ভত লিখিছে, “গাজাত যুদ্ধবিৰতি প্ৰস্তাৱৰ সমৰ্থনত ফ্ৰান্সে ভোটদান কৰিছিল। এই সময়ত ইউৰোপৰ ভিতৰতে ফ্ৰান্সত ইহুদীৰ জনসংখ্যা সৰ্বাধিক। ইজৰাইল আৰু আমেৰিকাৰ পিছত ফ্ৰান্সত ইহুদীৰ সংখ্যা সৰ্বাধিক।“

নিৰুপমা সুব্ৰমণিয়ামে লিখিছে, “ফ্ৰান্সতো ইউৰোপৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা আছে। ফ্ৰান্স আৰু ইজৰাইলৰ ঘনিষ্ঠ সম্পৰ্ক আছে আৰু ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ইমানুৱেল মেক্ৰনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতনিয়াহুক নিজৰ বন্ধু বুলি গণ্য কৰে। কিন্তু আন আন পশ্চিমীয়া দেশৰ দৰে ফ্ৰান্সেও বিৰত থকাতকৈ এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰিলে।’’

যোৱা মাহত যেতিয়া ভাৰতে ইজৰাইলৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত আছিল, তেতিয়া দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পশ্চিম এছিয়া অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক এ কে পাছাই কৈছিল যে ইজৰাইল-হামাছ যুদ্ধত ভাৰতে যি স্থিতি দেখুৱাইছে, সেইটোৱে মোদী চৰকাৰৰ দ্বিচাৰিতা প্ৰকাশ কৰিছে।

অধ্যাপক পাছাই আৰু কয়, “ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধত স্বতন্ত্ৰ বৈদেশিক নীতিৰে গ্ল’বেল ছাউথৰ কণ্ঠ হ’বলৈ ভাৰতে যি সংহত প্ৰচেষ্টা চলাইছিল, সেই প্ৰচেষ্টাই নিজেই তেওঁলোকক ধ্বংস কৰি পেলাইছে। গাজাত প্ৰতিদিনে সাধাৰণ পেলেষ্টাইনী, শিশু আৰু মহিলাক হত্যা কৰা হৈছে।”

''যেতিয়া ৰাষ্ট্ৰসংঘত এই পাশৱিক বিভীষিকা বন্ধ কৰাৰ প্ৰস্তাৱ আহিল, তেতিয়া ভাৰত ভোটদানৰ পৰা বিৰত থাকিল। ভাৰতে কেনেকৈ ক’ব পাৰে যে এয়া গ্ল’বেল চাউথৰ কণ্ঠ? ইজৰাইল-হামাছ সংঘাতত মোদী চৰকাৰৰ স্থিতি ভাৰতৰ স্বতন্ত্ৰ বৈদেশিক নীতিৰ বিপৰীত।’’-পাছাৰ মন্তব্য।