ডিজিটেল ডেস্কঃ গুজৰাটৰ আহমেদাবাদস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় বৃহস্পতিবাৰে সন্ধিয়া৷ স্পেচ এপলিকেচন কেন্দ্ৰত সংঘটিত হয় অগ্নিকাণ্ড৷ বৰ্তমানেও অগ্নিকাণ্ড সংঘটিত হৈ থকাৰ বাতৰি আহিছে৷

অগ্নি নিৰ্বাপনৰ বাবে প্ৰায় ৩০ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে চেষ্টা অব্যাহত ৰাখিছে৷ যিটো ঠাইত অগ্নিকাণ্ড সংগটিত হৈছে উক্ত স্থানত যন্ত্ৰপাতি থাকে৷
শ্বট শ্বাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷ অগ্নিকাণ্ডত কেইবাগৰাকী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে৷