ডিজিটেল ডেস্কঃ ভুৱা কোম্পানীৰ নামত সম্পত্তি ক্ৰয় কৰি লালু প্ৰসাদ যাদৱে অবৈধ সম্পত্তি গঢ়াৰ অভিযোগ উত্থাপিত হৈছে। প্ৰেমচন্দ গুপ্তাৰ নামত লালুৱে সম্পত্তিৰ পাহাৰ গঢ়িছে। ৬ টাকৈ ভুৱা কোম্পানীৰ জড়িয়তে লালুৱে অবৈধ সম্পত্তি গঢ়া বুলি বিহাৰৰ বিজেপিৰ অধ্যক্ষ সুশীল মোদীয়ে মন্তব্য কৰিছে। 

উল্লেখ্য যে পশুখাদ্য কেলেংকাৰীৰ অভিযুক্ত লালু প্ৰসাদ যাদৱৰ হাতত ১০০০ কোটি টকাৰ বেনামী সম্পত্তি থকাৰ সন্দেহ কৰা আয়কৰ বিভাগে আজি তালাচী চলাইছে যাদৱৰ বিভিন্ন ঘাটীত। 

দিল্লী এনচিআৰৰ ২২ টাকৈ ঠিকনাত লালুৰ সম্পত্তিৰ তালাচী চলাইছে আয়কৰ বিভাগে। মোদীয়ে কয় যে এজেন্সীৰ হাতত যদি কোনো প্ৰমাণ আছে, তেন্তে ততালিকে অনুসন্ধান আৰম্ভ কৰি দিয়া উচিত।