গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক উৎসাহে উদ্দীপনাৰে গণ ৰাজ্য দিৱস পালন কৰে ৰাইজে৷ উজনি-নামনিৰ লগতে গুৱাহাটী মহানগৰীতো ৰাইজ পুৱাই ওলাই আহি গণ ৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লয়৷ পুৰুষ-মহিলা, যুৱক-যুৱতী, কিশোৰ-কিশোৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে ঘৰৰ পৰা ওলাই আহি কাৰ্যসূচীত অংশ লয়৷ উজনি-নামনিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীয়ে পতাকা উত্তোলন কৰে৷ গুৱাহাটী মহানগৰীৰ খানাপাৰা খেল পথাৰত ৰাজ্যপাল জগদীশ মুখীয়ে পতাকা উত্তোলন কৰে৷

শুকুৰবাৰে পুৱা ৰাজ্যপাল জগদীশ মুখীয়ে গণ ৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি ৰাজ্যৰ সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষী, এনচিচি কেডেট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ পেৰেড তথা অভিবাদন গ্ৰহণ কৰে৷ ৰাজ্যৰ প্ৰতিখন জিলা সদৰ মহকুমা সদৰ, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে অন্যান্য কাৰ্যালয় সমূহে শুকুৰবাৰে গণ ৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পিছতেই খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেৰ উপস্থিতিত পতাকা উত্তোলন কৰি ৰাজ্যপাল মুখীয়ে ৰাজ্য খনৰ উন্নয়ন আৰু বিকাশৰ বাবে চৰকাৰে কাম কৰি যোৱা বুলি কয়৷ ৰাজ্যবাসীক সম্বোধন কৰি দেশৰ মহান সংগ্ৰামী, শ্বহীদ, সংবিধান নিৰ্মাতা আৰু বীৰসকলক সোঁৱৰণ কৰে৷ ৰাজ্য খনৰ সকলো প্ৰকাৰৰ লোকৰ উন্নয়ন-বিকাশে হে প্ৰগতি আৰু শান্তি আমিব বুলি কৈ চৰকাৰ খনে এখন বিদেশী মুক্ত অসম গঢ়াৰ লক্ষ্য কাম কৰা বুলি কয় ৰাজ্যপাল মুখীয়ে। চৰকাৰে NRCৰ কাম কৰি ৰাজ্য খনৰ পৰা অবৈধ নাগৰিকৰ সমস্যা সমাধানৰ বাবে কাম কৰিছে। প্ৰফেচাৰ জগদীশ মুখীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশাংসা কৰি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মোডীৰ চৰকাৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা বুলি কয়৷

অসম খনক দক্ষিণ–পূব এছিয়াৰ ব্যৱসায়থলী হিচাপে গঢ়াৰ লক্ষ্য লৈ বিকাশৰ বাবে সকলো চৰকাৰ কাম কৰিবলৈ চৰকাৰ সাজু। গ্ৰাম্য অঞ্চলৰ উন্নয়ন, শিক্ষাৰ উন্নয়ন বাবে ন’ ন’ আঁচনি লোৱা বুলি কৈ মুখীয়ে ৰাজ্যৰ কেইবাটাও বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি আলোচনা চলি থকা বুলি কয়৷ সৰ্বানন্দ সোণোৱাল চৰকাৰে উন্নয়নৰ বাবে কাম কৰিব বুলি কৈ সোণোৱাল চৰকাৰকো প্ৰশংসা কৰে মুখীয়ে৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পতাকা উত্তোলন কৰি বহু সময় ৰাইজৰ বাবে ভাষণ প্ৰদান কৰে মুখীয়ে৷