newsnextone.com | লিডুঃ পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যুজুৰি ক্ষোভৰ সৃষ্টি হৈছে। অসমত গৃহযুদ্ধৰ পৰিবেশ সৃষ্টি হোৱা বুলি কোৱাৰ লগতে অসমলৈ তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি আহি অসমত অশান্তিৰ পৰিবেশ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছ দলৰ বিৰুদ্ধে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা জাগুণত সদৌ অসম নিবনুৱা সন্থাৰ জাগুন আঞ্চলিক সমিতিয়ে ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথত মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

এনআৰচিৰ খচৰা প্ৰকাশৰ পিছৰে পৰা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে  বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি অহাত সদৌ অসম নিবনুৱা সন্থাই জাঙুৰ খাই উঠে আৰু প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত প্ৰকাশ পোৱা এনআৰচি চূড়ান্ত খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ কথা ৰাজহুৱা হোৱাৰ পিছৰে পৰা মমতা বেনাৰ্জীয়ে  সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি আহিছে।

 এই কাণ্ডক সংগঠনটোৱে কঠোৰ ভাষৰে গৰিহণা দিয়াৰ লগতে দীৰ্ঘ সময়ৰ অন্তত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত প্ৰকাশ পোৱা এনআৰচিৰ বিৰুদ্ধে কোনোধৰণৰ মন্তব্য প্ৰকাশ নকৰিবলৈ মমতা বেনাৰ্জীক সন্থাটোৱে আহ্বান জনায়। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা হিন্দু অথবা মুছলমান কোনো লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰিব দিয়া নহ'ব বুলি নিবনুৱা সন্থাই মন্তব্য আগবঢ়ায়।