ডিজিটেল ডেস্কঃ অৰুণ জেটলীক জোকাই লৈ পুনৰ বিপাঙত পৰিছে অৰবিন্দ কেজৰিৱাল৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰামৰ্শদাতা ৰাম জেঠমালানীয়ে অৰুণ জেটলীক আদালতত ‘ক্ৰুক’ অৰ্থাৎ ধুৰ্ত বুলি কৈ হাতৰ কুঠাৰ কেজৰিৱালৰ ভৰিত মাৰিলে জেঠমালানীয়ে৷ 

কিয়নো জেটলীয়ে পুনৰাই কেজৰিৱালৰ ওপৰত তৰিছে মানহানি গোচৰ৷ দিল্লী উচ্চ ন্যায়ালয়ত যোৱা সপ্তাহত এক গোচৰৰ শুনানী চলি থকাৰ সময়ত জেটলীৰ একালৰ ঘনিষ্ঠ জেষ্ঠ অধিবক্তা জেঠমালানীয়ে কথা প্ৰসংগত জেটলীক ধুৰ্ত বুলি কোৱাৰ পিছতে অগ্নিশৰ্মা হৈ পৰে জেটলী তথা তেওঁৰ হৈ ওকালতি কৰা অধিবক্তা মানিক ডোগ্ৰা৷

জেটলীৰ ক্ষেত্ৰত অপমানসূচক এনে শব্দ ব্যৱহাৰ কৰাৰ বাবে আমি ১০ কোটি টকাৰ গোচৰ কেজৰিৱালৰ বিৰুদ্ধে দাখিল কৰিছো’- এই কথা সংবাদমাধ্যমৰ আগত সদৰী কৰে ডোগ্ৰাই৷