newsnextone.com | ডিজিটেল ডেস্কঃ বিতৰ্কিত ধৰ্ম প্ৰচাৰক জাকিৰ নাঈকক দেশলৈ উভটাই অনাত আন এক সমস্যাই দেখা দিছে৷ ভাৰতৰ পৰা পলায়ন কৰি বৰ্তমান মালেয়েছিয়াত বাস কৰি থকা নাঈকৰ প্ৰত্যাৰ্পণ খাৰিজ কৰিছে মালেয়েছিয়াৰ প্ৰশাসনে৷ ‘জাকিৰ নাঈক মালেয়েছিয়াৰ বাসিন্দা৷ তেওঁ ভাৰতলৈ পঠিওৱা নহয়’ বুলি স্পষ্ট কৰি দিছে মালেয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহাথিৰ মহম্মদে৷

দুয়োখন দেশৰ মাজত চলা চুক্তি অনুযায়ী জানুৱাৰী মাহতে জাকিৰ নাঈকক ভাৰতলৈ উভটাই আনিব বিছাৰিছিল ভাৰত চৰকাৰে৷ এই লৈ দুয়োখন দেশৰ মাজত চাপ সৃষ্টি হ’লেও শেহতীয়াকৈ জাকিৰ নাঈকৰ প্ৰত্যাৰ্পণৰ সিদ্ধান্ত খাৰিজ কৰে মালেয়েছিয়াৰ প্ৰধানমন্ত্ৰীয়ে৷ কুৱালা লামপুৰত এক সাংবাদিক বৈঠকত প্ৰধানমন্ত্ৰী মহম্মদে কয়, ‘জাকিৰ নাঈকে যেতিয়ালৈকে আমাৰ বাবে সমস্যাৰ সৃষ্টি নকৰে, তেতিয়ালৈকে তেওঁক উভটাই পঠিওৱাৰ প্ৰশ্নই নাহে৷ তেওঁ এই দেশৰ স্থায়ী বাসিন্দা৷’

প্ৰসংগত, সম্প্ৰতি জাকিৰ নাঈকৰ ভাৰত প্ৰত্যাৰ্পণৰ বাতৰি প্ৰকাশ পাইছিল৷ ইয়াৰ পিছতে অধিবক্তাৰ মাধ্যমেৰে এক বিবৃতি জাৰি কৰি প্ৰত্যাৰ্পণৰ বাতৰি খাৰিজ কৰে বিতৰ্কিত ধৰ্মগুৰুজনে৷ ‘আমি দেশলৈ উভটাৰ খবৰ সম্পূৰ্ণ ভিত্তিহীন আৰু ভুৱা৷’ বিবৃতিত এনেদৰে জনায় জাকিৰ নাঈকে৷

উল্লেখ্য যে, ২০১৬ চনত ঢাকাৰ গুলছন কাফেত আক্ৰমণকাৰী সন্ত্ৰাসবাদীক প্ৰভাৱিত কৰাৰ অভিযোগ উত্থাপন হৈছিল বিতৰ্কিত ধৰ্ম প্ৰচাৰক জাকিৰ নাইকৰ বিৰুদ্ধে৷ আনহাতে, তেওঁৰ বিৰুদ্ধে ধৰ্মীয় বিভেদ সৃষ্টিৰ বাবে উচতনি যোগোৱা বুলিও অভিযোগ উত্থাপন হয়৷ এনেবোৰ কাৰণতে জাকিৰ নাঈকে দেশ এৰি পলায়ন কৰে৷ 

দেশৰ প্ৰতি ষড়যন্ত্ৰ সৃষ্টি তথা সন্ত্ৰাসবাদীক উচতনি প্ৰদান কৰাৰ অভিযোগত ২০১৬ চনৰ নৱেম্বৰত নাঈকৰ বিৰুদ্ধে ইউএপিএ আৰু ফৌজদাৰী দণ্ডবিধিৰ ধাৰাৰ অধীনত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই গোচৰ ৰুজু কৰে৷ লগতে জাকিৰ নাঈকৰ স্বেচ্ছাসেৱী সংগঠন ইছলামিক ৰিচাৰ্ছ ফাইণ্ডেছনকো নিষিদ্ধ কৰা হয়৷