গুৱাহাটীঃ ইছলামী আইনৰ ধাৰণা আৰু এই সম্পৰ্কে জনসাধাৰণক জ্ঞান প্ৰদান তথা মুছলিম ব্যক্তিগত আইনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে দেশবাসীক বিশেষকৈ মুছলমানসকলক সজাগ কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৭ মে লৈ জামাত-ই-ইছলামী হিন্দে ‘মুছলিম ব্যক্তিগত অাইন' সজাগতা অভিযান আৰম্ভ কৰিছে৷

এই অভিযান সমগ্ৰ দেশতেই জামাত-ই-ইছলামী হিন্দে ব্যক্তিগত আইনৰ বিভিন্ন দিশ সাঙুৰি কৰ্মশালা, আলোচনাচক্ৰ, সজাগতাসভা, জনসভা, গণসমাবেশ, সমদল আদি বিভিন্ন কাৰ্যসূচী হাতত লৈছে৷ পোষ্টাৰ, প্ৰচাৰ পত্ৰিকা, কিতাপ, ছ’চিয়েল মিডিয়া আদিৰ জড়িয়তে মুছলিম ব্যক্তিগত আইনৰ শিক্ষা, গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে জনগণক সজাগ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছে এই অভিযানৰ৷

সমগ্ৰ দেশৰ লগতে জামাত-ই-ইছলাম হিন্দৰ উত্তৰ পূব মণ্ডলেও এই অভিযানৰ কালছোৱাত  বিভিন্ন কাৰ্যসূচী হাতত লৈছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত হোৱা এখন সভাত জামাতৰ উত্তৰ পূব সংমণ্ডলে ২৪ এপ্ৰিলত গুৱাহাটীত বুদ্ধিজজীৱিৰ আলোচনা সভা, জামাতৰ মহিলা শাখাৰ উদ্ধোগত অহা ২৯ এপ্ৰিলত মহিলাৰ আলোচনাচক্ৰ, সংবাদমেল আৰু ৭ মে’ত আইনজীৱিসকলৰ আলোচনা বৈঠকৰ আয়োজন কৰা হব বুলি উল্লখ কৰে৷

জামাতৰ অসম শাখাই  ৰাজ্যখনৰ বিভিন্ন ঠাইত সজাগতাসভাৰো আয়োজন কৰিব বুলি জানিব পৰা গৈছে৷ মুছলমান সমাজৰ সংশোধন আৰু দেশৰ জন গণক প্ৰকৃত সত্য সম্পৰ্কে সজাগ জামাত-ই-ইছলামী হিন্দে চলোৱা এই অভিযানত অংশগ্ৰহণ কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সচেতন ব্যক্তিসকলৰ প্ৰতি আহ্বান জনায়৷

এই অভিযানৰ যোগেদি শ্বৰিয়ত নীতি, লক্ষ্য আৰু প্ৰমূল্যসমূহক অনুধাৱন কৰিবলৈ আৰু শ্বৰিয়ত আদালত, পৰামৰ্শ কেন্দ্ৰ আদি প্ৰতিষ্ঠা কৰি মুছলিম সমাজক তেঁওলোকৰ পাৰিবাৰিক সমস্যাসমূহ নিস্পত্তি কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা হব বুলি সংগঠনটোৰ সভাপতি মোঃ হাৰিছ আলীয়ে মতপোষণ কৰে৷