DNA India
DNA India

 newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত পুনৰ এগৰাকী আৰক্ষী বিষয়াক অপহৰণ কৰাৰ খবৰ আহিছে। আৰক্ষীৰ বিষয়াজনক উদ্ধাৰৰ বাবে আৰক্ষী আৰু সেনাই অভিযান অব্যাহত ৰখা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে। 

জানিব পৰা মতে, জম্মু কাশ্মীৰ আৰক্ষীৰ বিশেষ ফৰ্চৰ বিষয়া মুহচিৰ আহমদ লোনক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰে। কিন্তু এই খবৰ আৰক্ষীয়ে বিবৃতি যোগে ৰাজহুৱা কৰা নাই। মুহচিৰ আহমদ লোন আৱণ্টিপুৰাৰ ৰাশিপুৰত কৰ্মৰত আছিল।

জম্মু কাশ্মীৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মতে, এই ঘটনাৰ তদন্ত কৰি থকা হৈছে কিন্তু এতিয়ালৈ ঘটনা স্পষ্ট হৈ হোৱা নাই। পৰিয়ালৰ মতে তেওঁ কোনো আলহীৰ ঘৰলৈ গৈছিল। 

ইয়াৰ পূৰ্বে হিজবুলে কুলগামৰ কনিষ্টবল মহম্মদ চেলিমক অপহৰণ কৰিছিল। ২১ জুলাইত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল। চেলিমে ছুটী লৈ ঘৰলৈ যোৱাৰ সময়তে অপহৰণ কৰিছিল। ইয়াৰ পূৰ্বে ঔৰংজেৱ নামৰ এগৰাকী সেনা বিষয়াক অপহৰণ কৰি হত্যা কৰিছিল সন্ত্ৰসবাদীয়ে।