জম্মু-কাশ্মীৰৰ সীমাত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সন্ত্ৰাসবাদীয়ে এইবাৰ আৰক্ষীৰ সকলৰ পৰিয়ালৰ লোকক লক্ষ্য কৰে৷ জন্মু কাশ্মীৰৰ পুলবামা জিলাৰ ত্ৰালৰ পৰা আৰক্ষী বিষয়াৰ সন্তানক অপহৰণ কৰে৷

আনহাতে আজি শুকুৰবাৰে পাঁছজন আৰক্ষীৰ বিষয়াৰ পৰিয়ালক অপহৰণ কৰি অৰাজকতাৰ সৃষ্টি কৰিছে৷ উক্ত ঘটনাৰ বিষয়ে অধিকাৰীসকলৰ পৰা জানিব পৰা মতে সন্ত্ৰাসবাদীসকলে প্ৰায় পাচঁ জন লোকক শৌপিয়া, কুলগাম, অনন্তগাম আৰু অৱন্তিপৌৰাৰ পৰা অপহৰণ কৰি নিয়ে৷

এই ঘটনাৰ লগক জড়িত থকা গান্দৰবল নামৰ জিলাৰ পৰা আৰক্ষীৰ পৰিয়ালৰ লোকসকলক বেয়াকৈ মাৰ ধৰ কৰি এৰি দিয়ে৷ জানিব পৰা মতে শুকুৰবাৰে অপহৰণ কৰা লোকৰ সংখ্যা বৰ্তমানে ৮ জনকৈ অধিক হয়৷ বৰ্তমানে আৰক্ষীয়ে তদন্তৰৰ অভিযান অব্যাহত ৰাখিছে যদিও এই বিষয়ত কোনোধৰণৰ শুংসুত্ৰ পাবলৈ সক্ষম হোৱা নায়৷

উল্লেখযোগ্য যে সন্ত্ৰাসবাদী ছৈয়দ চলাউদ্দিনৰ দ্বিতীয় পুত্ৰক এনআইএয়ে চিআৰপিওএফ আৰু স্থানীয় আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰে৷ যাৰ প্ৰতিশোধ ল’বলৈ সন্ত্ৰাসবাদীসকলে এই অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে বুলি অনুমান কৰা হৈছে৷