কোকৰাঝাৰঃ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ইতিহাসত বড়ো জাতিৰ কথা উল্লেখ নাই আৰু নাগালিম বিষয়ত সাঙোৰ খাব নালাগে বুলি কৰা মন্তব্যত জাঙুৰ খাই উঠিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ৷

আজি এক বিবৃতিত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু সম্পাদক জয়ন্ত বড়োই সাংসদ বিশ্বজিৎ দৈমাৰীৰ গৰখীয়াতকৈও যোগ্যতা নথকা ব্যক্তি বুলি আখ্যা দিয়ে৷সাংসদৰ নিচিনা উচ্চ আসনত থকাৰ পিছতো গৰখীয়া হবলৈও যোগ্যতা নথকা ব্যক্তিয়ে বড়ো জাতিক প্ৰতিনিধিত্ব কৰাটো বড়ো জনগোষ্টীৰে নহয়;গোটেই অসমৰ বাবে দুৰ্ভাগ্যজনক বুলি মঞ্চৰ নেতাদ্বয়ে বিবৃতিত উল্লেখ কৰে৷

নেতাদ্বয়ৰ মতে অসমৰ নদ-নদী,পাহাৰ,পৰ্বত,দেশৰ নাম,মানুহৰ নাম,বতাহ,বায়ু আৰু ৰজাৰ নাম,দেৱ-দেৱী,মন্দিৰ সকলোতে বড়ো ভাষা জড়িত হৈ আছে৷ বড়ো ভাষাৰ এই বিস্তৃত স্থিতি দেখি বুৰঞ্জীবিদ,ভাষাবিদ সকলে গোটেই অসম আৰু গোটেই উত্তৰপূৰ্বাঞ্চল সামৰি এক বিশাল বড়ো ৰাজ্য আছিল বুলি মন্তব্য কৰা সত্বেও সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ইতিহাসত বড়োজাতিৰ কথা উল্লেখ নাই বুলি কোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি মঞ্চৰ নেতাদ্বয়ে  'ক ফলাদি মুলুক খাওৱা' জ্ঞানৰ সাংসদ গৰাকীয়ে বড়ো জাতিক বেদখলকাৰী সকলৰ হাতত বিক্ৰী কৰি নিজৰ ক্ষমতা বাহাল ৰখাৰ বাবে অপচেষ্টা কৰিছে বুলি বিবৃতিত উল্লেখ কৰ৷

সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিটিচিত হাগ্ৰামা মহিলাৰীক বুৰ্বক বনাই নিজেই হেডমাষ্টৰ হৈ সকলোকে বিপথে পৰিচালিত কৰি আছে বুলি বিস্ফোৰক অভিযোগ কৰি মঞ্চৰ নেতাদ্বয়ে বড়ো  জাতিৰ নাম লৈ বিলাসী সুৰাৰ ব্যৱসায় কৰি থকা বিশ্বজিৎ দৈমাৰীয়ে কি কি ইতিহাস অধ্যয়ন কৰিছে তাক ৰাজহুৱা কৰিবলৈ আহবান জনাইছে ।