কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই বিটিচিৰ পৰা অবড়ো গাওঁ কৰ্তন নকৰিলে আৰু পৃথক বড়োলেণ্ড বিচৰা সকলক অতিশীঘ্ৰে প্ৰতিৰোধ নকৰিলে ভয়াৱহ সংঘাত হব বুলি সদনৰ মজিয়াত মন্তব্য কৰাৰ পিছতেই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ওলোটাই সাংসদ গৰাকীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

আজি এক বিবৃতিত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু সম্পাদক জয়ন্ত বড়োই কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই সংসদৰ মজিয়াত দাঙি ধৰা বক্তব্যক তীব্ৰ গৰিহণা অাৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীক এজন ভণ্ড আৰু নিৰ্লজ্জ বড়োবিৰোধী লোক হিচাপে অভিহিত কৰে৷

বড়ো নোহোৱাকৈ বড়ো-কছাৰীৰ প্ৰমাণপত্ৰ লৈ সংৰক্ষিত জনজাতি সমষ্টিৰ পৰা সাংসদ হৈ ওলোটাই বড়োবিৰোধী কাৰ্যৰে বড়ো সকলক নিশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মন্তব্যৰে নৱকুমাৰ শৰণীয়া এজন কুখ্যাত অপৰাধী আৰু  গোষ্ঠী সংঘৰ্ষৰ নায়ক বুলিও অভিহিত কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু সম্পাদক জয়ন্ত বড়োই।

ইয়াৰোপৰি সাংসদগৰাকীয়ে অদ্যাপি আলফাৰ পৰা আত্মসমৰ্পণ কৰা নাই বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে মঞ্চই। কেইমাহমান পূৰ্বে  নৱ কুমাৰ শৰণীয়াৰ শহুৰেকৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা মাৰণাস্ত্ৰবোৰ সাংসদগৰাকীৰে আছিল বুলি উল্লেখ কৰি তেওঁৰ কব্জাত অদ্যপি যথেষ্ট মাৰণাস্ত্ৰ মজুত থকা বুলিও দাবী কৰে জনজাতি সুৰক্ষা মঞ্চই।

জনজাতি লোকক ভয় দেখুৱাই যিসকলে সাংবিধানিক অধিকাৰ কাঢ়ি লৈছে তেওঁলোকক কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰি বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু সম্পাদক জয়ন্ত বড়োৱে বিটিচি অঞ্চলৰ জনজাতি বেষ্টনী-আবেষ্টনী আৰু চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা লোক সকলকো অতি শীঘ্ৰে উচ্ছেদ কৰিবলৈও দাবী উত্থাপন কৰে।