গুৱাহাটীঃ ছপা মাধ্যমৰ চৰম অনিশ্চয়তাৰ মাজতে সু-খবৰ৷ বিগত কেইবামাহো ধৰি বন্ধ হৈ থকা আগশাৰীৰ অসমীয়া দৈনিক ‘জনসাধাৰণ’ পুনৰ পঢ়ুৱৈৰ হাতত পৰিব৷

উল্লেখ্য যে যোৱা ২০ নৱেম্বৰত মালিক পক্ষই হঠাত কাকতখনৰ প্ৰকাশ বন্ধ কৰিছিল৷ মালিক পক্ষৰ এনে হঠকাৰী সিদ্ধান্তৰ পিছতে আদালতৰ কাষ চাপে 'জনসাধাৰণ বাতৰি কাকত কৰ্মচাৰী সংঘ'ই।

অৱশেষত প্ৰায় ৪ মাহৰ আইনী যুদ্ধৰ অন্তত ন্যায় লাভ কৰিবলৈ সমৰ্থ হয় কাকতখনত কৰ্মৰত সাংবাদিক আৰু সংবাদ কৰ্মীসকলে৷

কৰ্মচাৰী সংঘই জানিবলৈ দিয়া মতে আদালতৰ নিৰ্দেশ অনুসৰি অহা ১৫ মাৰ্চৰ পৰা মালিকপক্ষই পূৰ্বৰ দৰেই কাকতখন নিয়মীয়াকৈ প্ৰকাশ কৰাৰ আশ্বাস প্ৰদান কৰিছে। অৱশ্যে ১৫মাৰ্চত কাকতখন প্ৰকাশ পাব নে নাই সেই সম্পৰ্কে এতিয়াও নিশ্চিত সিদ্ধান্তত উপনীত হ'ব পৰা নাই বুলিও কৰ্মচাৰী সংঘৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে। 

সি যি নহওঁক বন্ধ হৈ থকা কাকতখন পুনৰ প্ৰকাশ হোৱাৰ বাতৰিয়ে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে ইয়াৰ সৈতে জড়িত সাংবাদিক আৰু সংবাদকৰ্মীসকলক৷