হঠাৎ অগ্নিকুণ্ডলৈ পৰিণত হোৱা বিমানখনত সাধাৰণ অৱস্থাত যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগিলহেঁতেন। নিজৰ প্ৰাণ আৰু সামগ্ৰী ৰক্ষাৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হ’লহেঁতেন। কিন্তু জাপানত তেনে পৰিস্থিতি পৰিলক্ষিত নহ’ল। জাপান এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমানখনত যেতিয়া জুইৰ সূত্ৰপাত হৈছিল, তেতিয়া যাত্ৰীসকলে অতি শান্তভাৱে বিমান ক্ৰুৱে দিয়া নিৰ্দেশনা মানি চলি এজন এজনকৈ ওলাই আহিছিল। যাত্ৰীসকলে তেওঁলোকৰ লাগেজবোৰ বিমানৰ ভিতৰতে এৰিছিল।

মঙলবাৰে জাপানৰ টকিঅ’ৰ হানেডা বিমান বন্দৰত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল। জাপান এয়াৰলাইন্সৰ ৫১৬ নং বিমানখন হানেডা বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক লগে লগে ৰানৱে’ত ৰখাই থোৱা এখন ক’ষ্ট গাৰ্ডৰ বিমানৰ সৈতে সংঘৰ্ষ ঘটে। আৰু তাৰ মাত্ৰ কিছু সময়ৰ ভিতৰতে এক অগ্নিকুণ্ডলৈ পৰিণত হয় ৫১৬ নং যাত্ৰীবাহী বিমানখন। সেই সময়ত বিমানখনত ক্ৰু মেম্বাৰসহ আছিল ৩৭৯ জন যাত্ৰী।

ইফালে এই দুৰ্ঘটনাত প্ৰায় বিধ্বস্ত হৈ পৰা ক’ষ্ট গাৰ্ডৰ বিমানখন তুলনামূলকভাৱে সৰু আছিল। ফলত দুৰ্ঘটনাটোত সৰু বিমানখনত থকা ৬ জনৰ ভিতৰত ৫ জনৰে ঘটনাস্থলীতে মৃত্যু ঘটে। জানিব পৰা মতে, দুৰ্ঘটনাত পতিত ক’ষ্ট গাৰ্ডৰ বিমানখন নৱবৰ্ষৰ আৰম্ভণিতে জাপানত সংঘটিত ভূমিকম্পত নিহত আৰু আহতসকললৈ সাহায্য সামগ্ৰী পৰিবহনৰ কামত নিয়োজিত আছিল।

অগ্নিকুণ্ডত পৰিণত বিমান! বিমান কৰ্মীৰ প্ৰশিক্ষণে বচালে যাত্ৰীৰ জীৱন

বিমান উদ্যোগৰ বিশেষজ্ঞসকলে কয় যে জুইৰ শিখাই বিমানখন আগুৰি ধৰাৰ আগতেই যাত্ৰীসকলে নিজৰ লাগেজ বিমানৰ ভিতৰতে এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। বিমানখনত থকা ৩৭৯ জন লোকক তাৎক্ষণিকভাৱে উলিয়াই অনাৰ অভিযানত এয়া আছিল এক বৃহৎ কাৰক। জাপান এয়াৰলাইন্সৰ ৫১৬ নং বিমানখনৰ পৰা যাত্ৰীসকলক নিৰাপদে উলিয়াই অনাৰ প্ৰক্ৰিয়াটোৱে এতিয়া সমগ্ৰ বিশ্বকে আচম্বিত কৰি তুলিছে। সমগ্ৰ বিশ্ববাসীয়েই জাপান এয়াৰলাইন্সৰ বিষয়া-কৰ্মচাৰীৰ দক্ষতাৰ একেমুখে প্ৰশংসা কৰিছে।

বিমান বিশেষজ্ঞ আৰু বিমানৰ দলটোৱে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচিক জনোৱা মতে, তেওঁলোকে প্ৰশিক্ষণত যিখিনি শিক্ষা লাভ কৰিছিল, দুৰ্ঘটনাটোৰ দিনটোত সেয়া আখৰে আখৰে কাৰ্যকৰী কৰিছিল। যাৰ বাবে ৩৭৯ জন লোকৰ নিৰাপদ উদ্ধাৰ সফল হৈছিল। ইয়াৰ উপৰিও বিমানখনত জুই লগাৰ পিছতো যাত্ৰীসকলে আতংকৰ পৰিৱেশ সৃষ্টি নকৰি সংযতভাৱে সুৰক্ষাৰ প্ৰট’কল মানি চলি এই উদ্ধাৰ অভিযান সহজ কৰি তোলে।

লাগেজ নহয়, জীৱন প্ৰথম!

গ্ৰীণউইচ বিশ্ববিদ্যালয়ৰ ফায়াৰ ছেফ্টি ইঞ্জিনিয়াৰিং গ্ৰুপৰ সঞ্চালক অধ্যাপক এড গেলেয়াই কয়, "মই চোৱা সকলো ভিডিঅ'তে বিমানখনৰ পৰা নামি অহাৰ সময়ত এজনো যাত্ৰীয়ে লগত লাগেজ লৈ অহা নেদেখিলো। যাত্ৰীসকলে বুজিছিল যে তেওঁলোকে লাগেজ ল’ব বিচাৰিলে বিপদ বাঢ়িবহে।"

অধ্যাপক এড গেলিয়াই কয়, "দুৰ্ঘটনাগ্ৰস্ত বিমান এয়াৰবাছ ৩৫০ৰ অৱস্থাৰ বাবেও যাত্ৰীসকলক উলিয়াই অনাৰ প্ৰক্ৰিয়া কঠিন হৈ পৰিছিল। এই দুৰ্ঘটনাটো আগতীয়াকৈ কল্পনা কৰা কাৰোৰে বাবে সম্ভৱ নাছিল। বিমানখনৰ সন্মুখৰ অংশ তললৈ হেলনীয়া হৈ পৰিছিল। মানে ইয়াৰ অৰ্থ হ’ল যাত্ৰীসকলৰ বাবে সিপাৰলৈ যোৱাটো কঠিন আছিল।"

বিমানখনৰ এনে পৰিস্থিতিত মাত্ৰ তিনিখন জৰুৰীকালীন দুৱাৰহে খোলাটো সম্ভৱ হৈছিল। বিমানখন আগলৈ হেলনীয়া হোৱাৰ বাবে যাত্ৰীসকলক উলিয়াই নিয়াৰ বাবে স্থাপন কৰা ইনফ্লেটেবল স্লাইডসমূহ সঠিকভাৱে মোতায়েন কৰিব পৰা হোৱা নাছিল। এই স্লাইডখন অতি ঠেক হোৱাৰ বাবে যাত্ৰীসকলৰ বাবে বিপদজনক হোৱাৰো আশংকা কৰা হৈছিল।

জাপান এয়াৰলাইন্সে জনোৱা মতে, উদ্ধাৰ অভিযানৰ সময়ত বিমানখনৰ ঘোষণা ব্যৱস্থাত বিজুতি ঘটিছিল। যাৰ বাবে বিমানৰ ক্ৰুৱে মেগাফোনত উচ্চস্বৰেৰে যাত্ৰীসকলক নিৰ্দেশনা দিবলগীয়া হৈছিল। এই দুৰ্ঘটনাটোত বিমানখনৰ এজন যাত্ৰী সামান্য আঘাত পোৱাৰ বিপৰীতে ১৩ জন যাত্ৰীয়ে বিষ আৰু অন্যান্য শাৰীৰিক সমস্যাৰ বাবে চিকিৎসাৰ সহায় বিচাৰিছিল।

দুৰ্ঘটনাত পতিত জাপান এয়াৰলাইন্সৰ বিমানখনে স্থানীয় সময় অনুসৰি বিয়লি ৪ বজাত নিউ চিটোজে বিমানবন্দৰৰ পৰা উৰা মাৰি সন্ধিয়া ৬ বজাত অৱতৰণ কৰিছিল হানেডা বিমানবন্দৰত। আৰু অৱতৰণৰ ঠিক সেই সময়তে ক’ষ্ট গাৰ্ডৰ বিমানখনৰ সৈতে সংঘৰ্ষ ঘটে বিমানখনৰ। বৰ্তমান এই ঘটনাৰ তদন্ত চলাই আছে জাপান এয়াৰলাইন্সে।

জাপান এয়াৰলাইন্সৰ এগৰাকী প্ৰাক্তন বিমান পৰিচাৰিকাই জনোৱা মতে, ৫১৬ নং বিমানখনৰ যাত্ৰীসকল ‘অবিশ্বাস্যভাৱে ভাগ্যৱান’। তেওঁ কয়, "মই সকাহ অনুভৱ কৰিছোঁ যে সকলো যাত্ৰী নিৰাপদ। কিন্তু জৰুৰীকালীন পৰিস্থিতিত যাত্ৰীক খালী কৰাৰ প্ৰক্ৰিয়াটোৰ কথা ভাবিবলৈ আৰম্ভ কৰাৰ লগে লগে মোৰ ভয়, শংকা অনুভৱ হ'বলৈ ধৰিছিল। যিদৰে দুয়োখন বিমানৰ সংঘৰ্ষ হৈছিল আৰু জুইৰ সূত্ৰপাত ঘটিছিল, পৰিস্থিতি অধিক বেছি বেয়া হ'ব পাৰিলেহেঁতেন।"

নাম প্ৰকাশ নকৰাৰ চৰ্তত প্ৰাক্তন বিমান পৰিচাৰিকাগৰাকীয়ে কয় যে বাস্তৱ জীৱনত যাত্ৰীসকলে যাতে আতংকিত নহয়, সেয়া নিশ্চিত কৰাটো কঠিন হ’ব পাৰে। তেওঁ কয়, "কিন্তু দুৰ্ঘটনাৰ সময়ত তেওঁলোকে যি ধৰণে পৰিস্থিতি চম্ভালিলে, সেয়া কল্পনা কৰাটোও অতি কঠিন। সত্যটো হ'ল তেওঁলোকে সকলোকে নিৰাপদে বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছিল।’’

তেওঁ কয় যে নতুন বিমানৰ ক্ৰু সদস্যসকলে বিমান খালী কৰা আৰু উদ্ধাৰৰ প্ৰশিক্ষণ ল’ব লাগে। বাণিজ্যিক বিমানত নিয়োগ কৰাৰ পূৰ্বে ক্ৰুৱে তিনি সপ্তাহ দীঘলীয়া এই প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া হয়। কেৱল এয়াই নহয়, তেওঁলোকে প্ৰতি বছৰে এই প্ৰশিক্ষণ ল’ব লগা হয়।

তেওঁ কয়, "আমি লিখিত পৰীক্ষা দিব লাগে। কেছ ষ্টাডিৰ বিষয়ে আলোচনা কৰা হয় আৰু বিভিন্ন পৰিস্থিতিৰ কথা মনত ৰাখি ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়। ইয়াত আমি বহু ধৰণৰ পৰিস্থিতি বুজিবলগীয়া হয়। যেনে- পানীৰ ওপৰত অৱতৰণৰ সময়ত কি কি কৰিব লাগে, জুইৰ ক্ষেত্ৰত কি কৰিব লাগে। ৰক্ষণাবেক্ষণ কৰ্মচাৰীসকলেও এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।"

পূৰ্বৰ বিমান দুৰ্ঘটনাৰ পৰা কি শিকিছে জাপানে?

দক্ষিণ-পূব এছিয়াৰ এটা বিমান সংস্থাৰ এজন পাইলটে নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে বিমানৰ কৰ্মীসকলে যি কঠোৰ প্ৰশিক্ষণ ল’বলগীয়া হৈছিল, সিয়েই যাত্ৰীসকলৰ নিৰাপদ উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাত সহায় কৰিছিল। তেওঁ কয়, "মই ক'ব লাগিব যে সেয়া আচৰিত আছিল। মই ভাবো এই ক্ষেত্ৰত যি হ'ল, সেয়া ক্ৰু মেম্বাৰ আৰু বিমান কৰ্মীৰ উন্নত প্ৰশিক্ষণৰ ফলতহে সম্ভৱ হৈছে। বাস্তৱত এনে পৰিস্থিতিত আপোনাৰ চিন্তা কৰিবলৈ বেছি সময় নাথাকে। গতিকে আপুনি যি কাম কৰিব সিয়ে পৰিস্থিতি অধিক জটিল বা সহজ কৰি তোলে। আৰু এনে চিন্তাক লৈয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়।"

তেওঁ কয়, "যাত্ৰীবাহী বিমান এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পাবলৈ হ'লে ইয়াক নিৰ্মাণ কৰা কোম্পানীয়ে প্ৰদৰ্শন কৰিব লাগিব যে প্ৰয়োজন হ'লে বিমানখনত থকা প্ৰতিজন ব্যক্তিক ৯০ ছেকেণ্ডৰ ভিতৰতে নিৰাপদে উলিয়াব পাৰি। কেতিয়াবা বিমান খালী কৰা পৰীক্ষাত বাস্তৱ যাত্ৰীকো ব্যৱহাৰ কৰা হয়।" পূর্বৰ দুৰ্ঘটনাৰ পৰা শিক্ষা গ্ৰহণ কৰি বিমান পৰিবহণ সুৰক্ষাৰ নিয়ম আৰু অধিক শক্তিশালী কৰা হৈছে বুলি কয় পাইলটগৰাকীয়ে।

উদাহৰণস্বৰূপে, ১৯৭৭ চনত স্পেইনৰ ৰ’ডিঅ’ছ বিমানবন্দৰত দুখন বয়িং ৭৪৭ বিমানৰ সংঘৰ্ষত ৫৮৩ জন লোকৰ মৃত্যু হৈছিল। এয়া আছিল বিমান পৰিবহণৰ ইতিহাসৰ আটাইতকৈ ভয়াবহ দুৰ্ঘটনা। পৰৱৰ্তী সময়ত ককপিটৰ নিয়ম আৰু ৰেডিঅ’ যোগাযোগৰ উন্নতি ঘটিছিল। ইয়াৰ কাৰণ আছিল, স্পেইনৰ সেই দুৰ্ঘটনা সংঘটিত হৈছিল পাইলট আৰু বিমান পৰিবহণ নিয়ন্ত্ৰকৰ মাজত হোৱা ভুল বুজাবুজিৰ ফলত।

অন্যহাতে, ১৯৮৫ চনত জাপানৰ টকিঅ’ হানেডাৰ পৰা উৰণৰ পিছত ১২৩ নং বিমানখন পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয়। পিছত গম পোৱা যায় যে বয়িঙৰ মেৰামতিৰ কামত ভুল হোৱাটেই আছিল দুৰ্ঘটনাটোৰ কাৰণ। সেই মৰ্মান্তিক দুৰ্ঘটনাটোত ৫২৪ জন লোকৰ ভিতৰত জীৱিত অৱস্থাত উদ্ধাৰ হৈছিল মাত্ৰ চাৰিজন। সেই দুৰ্ঘটনাটোৰ পিছত বিমান দুৰ্ঘটনাক লৈ সজাগতা বৃদ্ধিৰ বাবে ২০০৬ চনত জাপান এয়াৰলাইন্সে হানেডাত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ অৱশিষ্টৰ সৈতে এটা সংগ্ৰহালয় নিৰ্মাণ কৰিছিল।