ডিব্ৰুগড়ঃ লাহে লাহে এৰাবাৰীত পৰিণত হ’ব ধৰিছে ৰাজ্যৰ শিক্ষাখণ্ড৷ গুণোৎসৱৰ জৰিয়তে অসমৰ শাসকসকলে চৰকাৰী বিদ্যালয় সমূহৰ মানদণ্ড নিৰূপন কৰি থকাৰ  সময়তে সমগ্ৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোৱেই এৰাবাৰীত পৰিণত হ’ব ধৰিছে ৷

অসমৰ বহু ঠাইত ৰাইজে গঢ়া বহুত বিদ্যালয়ৰ অকাল মৃত্যু হ’ব ধৰিছে। শিক্ষাত ব্যয় সংকোচন কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্ত তথা চৰকাৰী শিক্ষানুষ্ঠানক গুৰুত্ব নিদিয়াত বহু চৰকাৰী বিদ্যালয় মৃত্যু মূখত পৰে ৷ ইয়াৰ মূলতে হ’ল ব্যক্তিগত বিদ্যালয় সমূহৰ আগ্ৰাসন৷

এই ব্যক্তিখণ্ডৰ বিদ্যালয়সমূহ বৰ্তমান চৰকাৰী বিদ্যালয়সমূহৰ বাবে হৈ পৰিছে মহামাৰিস্বৰূপ ৷ ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলাৰ বাবে লাইচেন্স যিমানেই দিছে, সিমানেই মৃত্যমুখী যাত্ৰা আৰম্ভ হৈছে চৰকাৰী খণ্ডৰ বিদ্যালয়ে।

চৰকাৰে গুণগত শিক্ষাৰ মানদণ্ড বৃদ্ধিৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি থকাৰ মাজতে ৰাজ্যৰ কেইবাখনো চৰকাৰী খণ্ডৰ বিদ্যালয় এতিয়া বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। কাঠ ফুলাৰ দৰে গঢ় লৈ উঠা এনে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক চৰকাৰে লেগাম লগোৱাৰ বিপৰীতে অধিক উৎসাহিত হৈ লাইচেন্স প্ৰদানতহে ব্যস্ত চৰকাৰৰ শিক্ষা বিভাগ।

সমান্তৰালভাৱে অসমৰ ভাষা-সাহিত্যৰ অনুষ্ঠান 'অসম সাহিত্য সভা'ই চৰকাৰী বিদ্যালয়সমূহ ৰক্ষাৰ বাবে যিদৰে আনুষংগিক ব্যৱস্থা গ্রহণ কৰিব লাগিছিল, সেয়াও গ্ৰহণ কৰা নাই। আনপিনে সদৌ অসম ছাত্ৰ সন্থা নতুবা ৰাজ্যখনৰ জাতীয় সংগঠন সমূহৰ ভূমিকাই ৰহস্যৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়তে অস্তিত্বৰ সংকটত পৰিছে চৰকাৰী খণ্ডৰ বিদ্যালয়। যোৱা দুটা বছৰত কেইবাখনো চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ হোৱাৰ বাতৰি পোহৰলৈ অহাৰ পিছত শেহতীয়াকৈ ডিব্ৰুগড় চহৰ আৰু জয়পুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বহুকেইখন চৰকাৰী বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হোৱাৰ পথত অগ্ৰসৰ হৈছে

। প্ৰাপ্ত তথ্য অনুসৰি ডিব্ৰুগড় চিৰিং গাওঁৰ ৰেলৱে কলনীৰ সমীপৰ মাণিক দত্ত প্ৰাথমিক বিদ্যালয়ত আজিৰ তাৰিখলৈকে এগৰাকী ছাত্ৰ-ছাত্ৰীও নামভৰ্তি নকৰিলে। যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খন বন্ধ হোৱাতো নিশ্চিত হৈ পৰিছে। সম্প্ৰতি ওপৰ শ্ৰেণীৰ মাত্ৰ ছয় গৰাকী ছাত্ৰীয়েহে বিদ্যালয়খনত অধ্যয়ন কৰি আছে।

ইতিমধ্যে বিদ্যালয় খন বন্ধ কৰি চিৰিং গাওঁৰ ৰেলৱে প্ৰাথমিক বিদ্যালয়ৰ লগত সংযোগ কৰাৰ বাবে যো-জা চলিছে। এই সম্পৰ্কত ঊৰ্ধতম কৰ্তৃপক্ষলৈ সংশ্লিষ্ট বিষয়াই পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে জিলাখনৰ ডিব্ৰুগড় চহৰৰ বিশ্ববিদ্যালয় সমীপৰ এখন বিদ্যালয়ৰ লগতে আন কেইবাখনো চৰকাৰী বিদ্যালয়ৰ লগতে জয়পুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত তিনিখনকৈ চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ পথত।

কেৱল ডিব্ৰুগড়তে নহয় কামৰূপ জিলাৰ দদৰা এলেকাত কেইবাখনো বিদ্যালয় বন্ধ কৰি দিয়ে চৰকাৰে। দদৰাৰ ঐতিহ্যমণ্ডিত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৰকাৰে বন্ধ কৰি দিয়ে। যাৰ ফলত ৰাইজে গঢ় দিয়া এখন বিদ্যালয় বন্ধ হৈ যায়।