শ্ৰীনগৰঃ দুটাকৈ গ্ৰেণেড অবৈধভাৱে সৰবৰাহ কৰিবলৈ নি ধৰা পৰিছে ভাৰতীয় সেনাবাহিনীৰ এজন জোৱান। জম্মু-কাশ্মীৰৰ উৰি চেক্টৰত কৰ্মৰত গোপাল মুখীয়া নামৰ জোৱানজনে শ্ৰীনগৰ বিমানবন্দৰৰপৰা দিল্লী অভিমুখে উৰা মৰাৰ আগেয়ে চেকপইণ্টতে বয়-বস্তু পৰীক্ষা কৰাওতে এই গ্ৰেণেড দুটা ধৰা পৰে।

আৰক্ষী আৰু চিআৰপিএফৰ জুটীয়াভাবে কৰা জেৰাত মুখীয়াই কয় যে সেনাৰ শীৰ্ষ পদবীত থকা বিষয়াই গ্ৰেণেড দুটা দিল্লীৰ কোনো নিৰ্দিষ্ট ব্যক্তিৰ হাতত দিয়াৰ বাবে 'এচাইনমেণ্ট’ দিছিল। দেশখনৰ অন্যতম কটকটীয়া নিৰাপত্তা বেষ্টনী থকা বিমানবন্দৰটোৰপৰা অবেধভাবে মাৰণাস্ত্ৰ সৰবৰাহ কৰাৰ দুঃসাহস কৰা এই জোৱানজনৰ কাৰ্যই আৰক্ষীক হতভম্ব কৰি তুলিছে।

আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। স্মৰ্তব্য যে মুখীয়া কাৰ্যৰত হৈ থকা উৰি চেক্টৰতে বিগত বৰ্ষত সন্ত্ৰাসবাদী সংঘৰ্ষত ১৯ জনকৈ জোৱানে প্ৰাণ হেৰুৱাবলগা হৈছিল।