ডিজিটেল ডেস্কঃ দেশত আজিও নাৰী সুৰক্ষিত নহয়। সেয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী, গৃহিনী, স্কুলৰ ছাত্ৰীয়েই হওক মুঠৰ ওপৰত দেশত নাৰী সুৰক্ষিত নহয়। এইবাৰ বিমানৰ ভিতৰত এগৰাকী অভিনেত্ৰীৰ সৈতে শ্লীলতাহানিৰ ঘটনা সংঘটিত হোৱাত এই কথাকে প্ৰমাণ কৰে। দেওবাৰে অভিনেত্ৰী জায়েৰাই এটা ভিডিঅ' চেয়াৰ কৰি। তাত তেও  শ্লীলতাহানিৰ কথা উল্লেখ কৰে।  

 ডংগল গাৰ্ল জায়েৰা ৱাচিমৰ শ্লীলতাহানিৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশত। বিমান আকাশত উৰি থকা অৱস্থাত বলিউডৰ অভিনেত্রীৰ শ্লীলতাহানিৰ ঘটনাৰ অভিযুক্ত মুম্বাইৰ এক সংস্থাৰ জ্যেষ্ঠ কাৰ্যনিৰ্বাহকক ইতিমধ্যে গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ৩৯ বছৰীয়া বিকাশ সহদেৱক সোমবাৰে আদালতত হাজিৰ কৰোৱা হয়৷

ডংগল খ্যাত অভিনেত্ৰী জায়েৰা ৱাছিমৰ অভিযোগ অনুসৰি শনিবাৰে দিল্লী পৰা মুম্বই অভিমুখে উৰা মৰা বিমানত এজন যাত্রীয়ে তাইৰ শ্লীলতাহানি কৰে৷ যাত্ৰাৰ শেষত নিজৰ অভিজ্ঞতাৰ কথা ইনষ্টাগ্রামত এক  ভিডিঅ'ৰ জৰিয়তে অৱগত কৰে জায়েৰাই৷ সেই ঘটনাৰ কথা কোৱাৰ সময়ত বাৰে বাৰে চকুলো টুকি থকা দেখা যায়। মুম্বাইৰ আন্ধেৰিৰ বাসিন্দা বিকাশ এই ঘটনা সংঘটিত কৰিছিল।

বিকাশে দিল্লীত এক শেষকৃত্যৰ অনুষ্ঠানত ভাগ লৈ ঘৰ অভিমুখে ৰাওনা হৈছিল বুলি কয়৷ দীর্ঘ সময় ধৰি টোপনি নমৰাত খুবেই ক্লান্ত আছিল তেওঁ। কেবিন ক্রুক কৈ থৈছিল তেওঁক যেন কোনেও বিৰক্ত নকৰে। উৰণৰ সময়ত তেওঁ টোপনিত আছিল। টোপনিৰ লাল কাল হৈ আছিল বুলি কয়। তেওঁৰ ভৰি ক’ত আছিল তেওঁ নাজানে বুলিও কয়৷

জায়েৰা ৱাছিমৰ লগত বিমানত হোৱা বেয়া ব্যৱহাৰৰ বাবে গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্তৰ পত্নীয়ে ওলোটাই জায়েৰাকহে দোষী বুলি কলে। প্ৰচাৰৰ বাবে এই কাম কৰিছে, যিটো একেবাৰে মিছা বুলি জায়েৰাৰ বিৰুদ্ধে হে গুৰুতৰ অভযোগ উত্থাপন কৰে।

জায়েৰাই আপলোড কৰা ভিডিঅ’টোত কৰাৰ পিছত অভিযোগ খণ্ডন কৰি বিকাশ সহদেৱৰ পত্নীয়ে সকলো মিছা বুলি কয়। জায়েৰাৰ পিছতেই সহদেৱৰ পত্নীয়ে ইউটিউবট ভিডিঅ’ আপলোড কৰে যিটোত তেওঁ কয়, তেওঁৰ স্বামীৰ হেনো মোমায়েকৰ মৃত্য হোৱাত দিল্লীৰ পৰা মুম্বাইলৈ আহি আছিল৷ যাৰ বাবে বিকাশ বহুত দুখত আছিল৷

তেওঁৰ মানসিক স্থিতি ভাল নথকাত, অলপ সময়ৰ বাবে জিৰণি বিছাৰিছিল৷ যাৰ বাবে তেওঁ এখন কম্বলো বিচাৰিছিল৷ ইমানৰ পিছত কেনেকে এজন মানুহে কিবা বেয়া কাম কৰিব পাৰে৷ জাৰেয়াই কি ভাবি বিকাশৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে৷ সকলোতকৈ আচৰিত কথা যে জায়েৰাৰ লগত যদি কিবা বেয়া হৈ আছিল তেন্তে লগে লগে কোৱাৰ সলনি দুঘন্টা পিছত হে কিয় কলে৷ 

বিকাশৰ পত্নী দিব্যাই এইটোও প্ৰশ্ন উত্থাপন কৰে যে লগত মাক থকাৰ পিছতো একো পদক্ষেপ নললে কিয় মাকে? নিজৰ স্বামীৰ পক্ষ লৈ দিব্যাই দেউতাক এজন সেনাৰ বিষয়া, তেওঁৰ শহুৰ এজন কৰ বিষয়া, তেওঁলোকে মহিলাক সন্মান কৰিব ভালদৰেজানে বুলি কয়৷ বিকাশ আৰু তেওঁৰ এটি ৯ বছৰীয়া শিশু আছে৷ তেনে ক্ষেত্ৰত  বিকাশে কেতিয়াও কাকো বেয়া ব্যৱহাৰ কৰিব নোৱাৰে বুলি কয়।

 এই ক্ষেত্ৰত বিভিন্ন জনে বিভিন্ন ধৰণে মন্তব্য কৰা দাখা গৈছে। কোনোৱে এই ঘটনাক কামভাৱত প্ৰবলভাৱে আসক্ত পুৰষৰ স্বৰূপ বুলি কোৱাৰ বিপৰীতে আন একাংশ লোকে জায়েৰাৰ মিছা প্ৰচাৰৰ বাবে এনে কাম কৰা বুলি গৈছে। আৰক্ষীয়ে উচিত তদন্ত কৰিহে প্ৰকৃত সত্য উলিয়াব পাৰিব।