ডিজিটেল ডেস্কঃ ঝাৰখণ্ডত সোপাধৰাক লৈ বিয়পা উৰাবাতৰিৰ ফলত দুটাকৈ পৃথক ঘটনাত ৭ জনকৈ লোকক নিৰ্মমভাৱে মৰিয়াই হত্যা কৰা সন্দৰ্ভত আৰক্ষীয়ে অতিকমেও ১৯ জনকৈ লোকক আটক কৰিছে৷ 

ঝাৰখণ্ডৰ সিংভুম জিলাত ঘটা এই হিংসাত্মক ঘটনাত উৰাবাতৰিৰ প্ৰভাৱ আছিল বুলি আৰক্ষীয়ে জানিব পাৰিছে৷ ছ’চিয়েল মিডিয়া যোগে হোৱা অপপ্ৰচাৰৰ ফলত এনে দুৰ্ভাগ্যপুৰ্ণ ঘটনা ঘটা বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে৷ 

বিভিন্ন মহলে আকৌ গোষ্ঠীগত মেৰুবিভাজনৰ ৰাজনীতিৰ লাভৰ অংকৰ বাবেই এনেদৰে হোৱাটচআপ যোগে উৰাবাতৰি বিয়পাইছিল বুলি অভিযোগ উত্থাপন কৰিছে৷