বোকাজানঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন৷ অন্তিম দিনা কাৰ্বি আংলং ডেমক্ৰেটিক ফ'ৰামৰ বোকাজান পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী জীৱন চন্দ্ৰ পাঠকে কেইবাশতাধিক মটৰচাইকেল আৰু এশখন অটো’ৰিস্কাৰে এক বৃহৎ সমদল উলিযায় শক্তি প্ৰদৰ্শন কৰে ৷

প্ৰাৰ্থী গৰাকীয়ে নিজে উদ্ধোধন কৰা সমদলটোৱে দুটা ভাগত ভাগ হৈ এটা দলে শুকানজানৰ পৰা নাগালেণ্ড সীমাৰ লাহৰিজানৰ দিশে আৰু আনটো দলে শুকানজানৰ পৰা ডিলাওজানৰ দিশে প্ৰচাৰ চলাই৷

সমদলটোত অংশগ্ৰহণ কৰা কেইবাশ সমৰ্থকে প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত বিভিন্ন শ্ল'গানেৰে সমষ্টিটোৰ আকাশ বতাহ মুখৰিত কৰি তোলাৰ লগতে সমষ্টিবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হয়৷