কলিয়াবৰঃ ভোগালী বিহুৰ কাহিলী পুৱাই নগাঁও জিলাৰ কলিয়াবৰৰ শিৱস্থানত এগৰাকী মহিলা আৰু কিশোৰক হত্যা কৰি আত্মগোপন কৰি থকা জিতু শইকীয়া নামৰ লোকজনে অৱশেষত বিশ্বনাথ জিলাৰ বিশ্বনাথ সদৰ আৰক্ষী থানাত দেওবাৰে নিশা আত্মসমৰ্পণ কৰে৷ জানিব পৰা মতে, চুবুৰীয়া এটা পৰিয়ালৰ তিনিগৰাকী লোকক আক্ৰমণ কৰি জিতুৱে বিশ্বনাথৰ বিহালিত আত্মগোপন কৰি আছিল৷

জিতুৰ শহুৰৰ ঘৰ বিশ্বনাথ জিলাৰ বিহালিত বুলি জানিব পৰা গৈছে৷ ঘৰৰ পৰা পলায়ণ কৰাৰ সময়ত জিতুৱে পত্নীক লগত লৈ গৈছিল যদিও পত্নীক শহুৰৰ ঘৰত থৈ থানাত হাজিৰ হয়৷ ভোগালী বিহুৰ কাহিলী পুৱাই অৰ্থাৎ ১৪ জানুৱাৰীত জিতুৱে তেওৰ ঘৰৰ সমীপৰ এটি পৰিয়ালক সাধাৰণ কথাৰ গইনা লৈ বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰিছল মাতৃ-পুত্ৰক৷ নগাঁও জিলাৰ কলিয়াবৰৰ শিৱস্থানত মাঘ বিহুৰ পুৱাই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত কৰে মদৰ ৰাগিত মাতাল জিতুৱে৷

কলিয়াবৰৰ শিৱস্থানত দেওবাৰে পুৱাই সকলো ব্যস্ত হৈ পৰিছিল মাঘৰ বিহুৰ মেজি জ্বলোৱাত৷ পৰম্পৰাগত ভাৱে পূজা অৰ্চনা কৰি মাঘ বিহুৰ মেজিৰ জ্বলাই জ্যেষ্ঠজনৰ পৰা সেৱা লোৱাত ব্যস্ত হৈ থকাৰ সময়তে হুৱা-দুৱা লাগে গাঁও খনত৷ গাঁও খনৰ জিতু শইকীয়াই চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে এটি পৰিয়ালক। গাঁও খনৰ পিতৃ-মাতৃ আৰু পুত্ৰক ৭০ বছৰীয়া ৰঘু বৰা পত্নী হীৰামাই বৰা আৰু পুত্ৰ অনন্ত বৰাক চোকা অস্ত্ৰৰ আক্ৰমণ কৰে৷ মূৰ তথা শৰীৰৰ বিভিন্ন ঠাইত পৰিয়ালটোৰ তিনি সদ্যক আঘাত কৰে৷ ফলত তিনিওগৰাকী লোক ঢলি পৰে৷ একাংশ লোকে দৌৰা-দৌৰিকৈ আহি তিনিওঁজনকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিবলৈ চেষ্টা কৰে যদিওঁ ইতিমধ্যে ৰঘু বৰাৰ পত্নী হীৰামাই বৰা আৰু পুত্ৰ অনন্ত বৰাৰ ইতিমধ্যে মৃত্যু হয়৷

আনহাতে ৰঘু বৰাৰ সংকটজনক অৱস্থাত স্থানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰে ৰাইজে৷ ৰঘু বৰাওঁ মৃত্যুৰ সৈতে যুজ দিয়া বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, শিৱস্থান নামৰ গাঁও খনৰ এটা মূৰৰ প্ৰায় ৬০-৭০ ঘৰ লোক বসবাস কৰে৷ ১৩ জানুৱাৰীৰ নিশা তথা উৰুকাৰ নিশা সকলোৱে ব্যস্ত হৈ পৰিছিল এসাজ খাবলৈ৷ ভোজ-ভাত খাবৰ বাবে সকলোৱে সাজু হৈছিল৷ তেনে সময়তে দস্যু জিতু শইকীয়াই মদৰ ৰাগিত মাতাল হৈ অশ্লীল বাক্যবাণ কৰিবলৈ আৰম্ভ কৰে৷

তাৰ পিছতে ৰঘু বৰাৰ পৰিয়ালৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়৷ নিশা স্থানীয় লোকৰ হস্তক্ষেপত কাজিয়াৰ শাম কাটে৷ কিন্তু জিতু শইকীয়াই পুৱাই পুণৰ ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি হাতত চোকা অস্ত্ৰ লৈ পৰিয়ালৰ তিনিজন লোকক আক্ৰমণ কৰে৷ জধে-মধে আক্ৰমণ কৰাৰ ফলত লেবেজান হৈ পৰি ৰয় তিনিজন লোকক৷ মাতৃ আৰু পুত্ৰৰ থিতাতে মৃত্যু হয় যদিও পিতৃ ৰঘু বৰা মৃত্যুৰ সৈতে যুজ দিছে চিকিৎসালয়ত৷ ৰঘু বৰা বাসগৃহত ভোগালী বিহুৰ পুৱাই নিজ চোতালতে কাম কৰি থকা অৱস্থাত জিতু শইকীয়াই প্ৰথমে দাঁৰে পুত্ৰ তথা ছাত্ৰ অনন্ত বৰাৰ ডিঙিত ঘপিয়াই।

তাৰ পিছতে অনন্তৰ মাতৃ ৬০ বছৰীয়া হীৰামাই বৰা আৰু ৭০ বছৰীয়া পিতৃ ৰঘু বৰাক ঘপিয়াই জিতু শইকীয়াই। আক্ৰমণৰ পিছতে থিতাতে নিহত হয় অনন্ত বৰাৰ লগতে মাতৃ হীৰামাই বৰা। হত্যাকাণ্ড সংঘটিত কৰি পলায়ণ কৰি আছিল যদিও অৱশেষত দস্যু জিতু শইকীয়াই আৰক্ষীক ধৰা দিয়ে৷ এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে স্থানীয় উত্তেজিত ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰে জিতু শইকীয়াৰ বাসগৃহ।