ডিজিটেল ডেস্কঃ সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি সন্ত্ৰাসবাদীৰ আক্ৰমণত পৰিৱেশ উত্তাল হৈ আছে৷ বুধবাৰে পুনৰ ৰাজ্যখনৰ শ্ৰীনগৰৰ নৌগামৰ সুথু অঞ্চলত সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত তুমুল সংঘৰ্ষ হয়৷ আনহাতে এই সংৰ্ঘষত দুই সন্ত্ৰাসবাদী নিহত হয়। সুৰক্ষাজনিত কাৰণত ৰাজ্যখনত আজি ইন্টাৰনেট সেৱা বন্ধ ৰখা হৈছে৷ জানিব পৰা মতে, এই ঘটনাৰ পূৰ্বে দোওবাৰে পুৱা সেনাবাহিনী আৰু সন্ত্ৰাসবাদীৰ সংৰ্ঘষত ৩ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এই ঘটনাৰ পিছতে সংঘটিত হোৱা বোমা বিস্ফোৰণত ৫ জন লোক নিহত হৈছিল৷ নিহতসকলৰ মাজত সেনাজোৱান তথা সাধাৰণ নাগৰিকো আছে৷ উল্লেখযোগ্য যে কালি শ্ৰীনগৰ ভ্ৰমণ কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে৷ ভ্ৰমণকালত তেওঁ কয় যে চৰকাৰে সকলো পক্ষৰ লগত আলোচনা কৰিবলৈ সাজু আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানলৈ গৈ দায়িত্বৱান লোকসকলক সাক্ষাৎ কৰিছিল যদিও দেশখনে আলোচনাৰ বাবে পৰিৱেশেই সৃষ্টি কৰিব নোৱাৰিলে বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে৷