newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ পুলৱামাত এগৰাকী ৰাজনৈতিক দলৰ নেতাৰ ঘৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে সোমবাৰে দিনৰ ভাগত৷ নেচনেল কনফাৰেন্সৰ নেতা গোলাম মোহাদ্দীৰ ঘৰত আক্ৰমণ কৰে৷ উক্ত সময়ত ঘৰৰ বাহিৰত পহৰা দি থকা এগৰাকী আৰক্ষীৰ মৃত্যু হয়৷ 

জানিব পৰা মতে, সোমবাৰে এটা অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত দলে গোলাম মোহাদ্দীৰ ঘৰৰ সন্মুখত হঠাৎ আক্ৰমণ সংঘটিত কৰে৷ আক্ৰমণত দুগৰাকী আৰক্ষী আহত হোৱাত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হয় যদিও এগৰাকীক আৰক্ষীৰ মৃত্যু হয়৷ আৰক্ষীৰ মতে এই কাণ্ড হিজবুল মোজাহিদ্দীনে সংঘটিত কৰিছে৷