ছিপাঝাৰঃ সমাজৰ অতন্দ্ৰ প্ৰহৰী দৰং জিলাৰ মঙলদৈৰ যুৱ সাংবাদিক মৃদুল আলামে সকলোকে কন্দুৱাই মেলানি মাগিলে এই পৃথিৱীৰ পৰা৷ 

বাতৰি বিচাৰি ঘুৰা-ফুৰা যুৱকজনে চাৰিদিন পূৰ্বে উচ্চ ৰক্তচাপত আক্রান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

বৃহস্পতিবাৰে পুৱতি নিশা মৃদুল আলমে শেষ নিশ্বাস ত্যাগ কৰে। নিউজ-৩০ নামৰ দৈনিক বাতৰি কাকত খনত মঙলদৈৰ সংবাদদাতা হিচাবে কাম কৰিছিল।

এটি দুবছৰীয়া সন্তানৰ পিতৃ মৃদুল আলমে মৃত্যুৰ সময়ত পত্নীকো এৰি থৈ যায়৷ সাংবাদিকগৰাকীৰ মৃত্যুত দৰঙত শোকৰ ছাঁ পৰে। আনহাতে, এটি এবছৰীয়া সন্তানক এৰি থৈ যোৱা সাংবাদিক পৰিয়ালটোক চৰকাৰক সাহায্য প্ৰদানৰ দাবী জনাই জিলাখনৰ একাংশ সাংবাদিকে।