Newslaundry
Newslaundry

গৰৈমাৰীঃ যি সময়ত সাংবাদিকক আক্ৰমণ তথা হত্যাৰ ঘটনাই দেশৰ সাংবাদিকক চিন্তিত কৰি তুলিছে সেই সময়তে সৰু ঠাই এটুকুৰাত খোৱা-কামোৰাত ব্যস্ত হৈছে কেইগৰাকীমান সাংবাদিক৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত দেশত নিতৌ আক্ৰমণৰ ঘটনা সংঘটিত হৈ অহাত সাংবাদিকৰ নিৰপত্তা সন্দৰ্ভত দেশৰ সাংবাদিক ৰাজ পথত নামি প্ৰতিবাদ কৰিব লগা হৈছে। কিছুদিনৰ ভিতৰতে দেশৰ কেবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক আক্ৰমণৰ সন্মুখীন হৈছে৷ ইয়াৰে তিনিগৰাকী সাংবাদিকৰ মৃত্যু হয়৷

বাংগালুৰুৰ মহিলা সাংবাদিক গৌৰী লংকেশক নিজ ঘৰতে হত্যা কৰে দুৰ্বত্তই৷ 'ৰাষ্ট্ৰীয় ছাহাৰা’ নামৰ এখন দৈনিক কাকতৰ সাংবাদিকগৰাকীয়ে বিহাৰৰ অৰৱাল জিলাৰ বাশী নামৰ ঠাইত বেংকৰ পৰা ধন উলিয়াই ঘৰলৈ আহি থকা সময়তে আক্ৰমণৰ সন্মুখীন হয়। ত্ৰিপুৰাৰ সাংবাদিক শান্তনু ভৌমিকক হত্যা কৰাৰ মাথো ৩০ ঘন্টাৰ পিছতে পঞ্জাৱৰ মোহালীত কে জে সিং নামৰ জ্যেষ্ঠ সাংবাদিকগৰাকীক হত্যা কৰে দুৰ্বত্তই৷

ইমানৰ পাছতো সাংবাদিকে নিজৰ মাজতে খোৱা-কামোৰাত, বাদ-প্ৰতিবাদত লিপ্ত হৈ পৰা কাৰ্যই লজ্জিত কৰিছে সচেতন সাংবাদিকক৷ কামৰূপ জিলাৰ গৰৈমাৰিত সাংবাদিকে সাংবাদিকৰ বিৰুদ্ধে কুৎসা-ৰটনা কৰিবলৈ আৰম্ভ কৰাত লজ্জিত হৈ পৰিছে একাংশ সচেতন সাংবাদিক৷ যোৱা ১৬ চেপ্টেম্বৰত গুৱাহাটীৰ পৰা প্ৰকাশিত এখন দৈনিক বাতৰি কাকতত গৰৈমাৰীৰ দুগৰাকী সাংবাদিকক বিৰুদ্ধে এটি বাতৰি প্ৰকাশ পায়৷ বাতৰি প্ৰকাশ পোৱাৰ পিছতে গৰৈমাৰী-কালাতলী-সোনতলী প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

বাতৰি প্ৰকাশ পোৱাৰ পিছত একাংশ লোকৰ চকু কপালত উঠে৷ কিয়নো একাংশ লোকে বাতৰিটোৰ তথ্যৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে৷ জানিব পৰা মতে, সোনতলীৰ পূৰাণ গাঁৱত নিৰুদ্দেশ সম্পৰ্কীয় বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুজন সাংবাদিকে ধন দাবী কৰা বুলি বাতৰি প্ৰকাশ পায়৷ গৰৈমাৰিৰ সাংবাদিক আব্দুৰ ৰহিম আৰু আনোৱাৰ হুছেইনে ধন দাবী কৰা বুলি বাতৰি প্ৰকাশ পায়৷ ৰাইজৰ ৰোষত পৰা বুলিও উল্লেখ থাকে বাতৰিটোত৷

সাংবাদিক আব্দুৰ ৰহিম আৰু আনোৱাৰ হুছেইনে একেখন ঠাইৰে আন দুজন সাংবাদিক আবুল কালাম আজাদ, বাবুল আহমেদে ষ়়ড়যন্ত্ৰ কৰি প্ৰকাশ কৰা বুলি অভিযোগ উত্থাপন কৰে। বাতৰিটোৰ সত্যতা নাই বুলি কৈ সাংবাদিক আব্দুৰ ৰহিম আৰু আনোৱাৰ হুছেইনে বাতৰিটো মনেসজা, সম্পূৰ্ণ মিছা বুলি তেওলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগক ভিত্তীহিন আখ্যা দিয়ে।

কেৱল ইমানে নহয় আক্ৰোশ মূলক ভাবে বাতৰিটো পৰিবেশন কৰা বুলি কয়। সাংবাদিক আব্দুৰ ৰহিম আৰু আনোৱাৰ হুছেইনে ভূৱা সাংবাদিক নহয় বুলি কৈ কেবাবছৰ ধৰি প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীত সাংবাদিকতা কৰি থকা বুলি কয়। এগৰাকী কিশোৰী নিৰুদ্দেশ সন্দৰ্ভত কিশোৰীৰ পৰিয়ালৰ জনোৱাৰ পিছত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল বুলি কয় সাংবাদিক আব্দুৰ ৰহিম আৰু আনোৱাৰ হুছেইনে।

বাতৰি সংগ্ৰহৰ সময়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি দাবী কৰে। সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰিবলৈ প্ৰকাশ পোৱা বাতৰিক স্থানীয় জি কে এচ প্ৰেছ ক্লাৱে উদ্ধেগ প্ৰকাশ কৰে। মিছা আৰু অনাকাংক্ষিত বাতৰিটোৰ বাবে জি কে এছ প্ৰেছ ক্লাৱ মৰ্মাহত বুলি কৈ গনতন্ত্ৰৰ চতুৰ্থস্তম্ভক ভাৱমূৰ্তি ম্লান নকৰিবলৈ আহ্বান জনায়৷