ডিজিটেল ডেস্কঃ ভাৰতীয় আইন ব্যৱস্থাৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এনে হৈছে য’ত এজন ন্যায়াধীশক দোষী সাব্যস্ত কৰিছে উচ্চতম ন্যায়ালয়ে।  দেশৰ সৰ্বোচ্চ ন্যায়লয়খনক অৱমাননা কৰাৰ অপৰাধত ৬ মাহৰ বাবে জেললৈ যাবলগীয়া হ’ল কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চি এচ কাৰ্নান। 

আজি উচ্চতম ন্যায়ালয়ৰ ৭ জনীয়া সাংবিধানিক বিচাৰপীঠে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি কলকাতা আৰক্ষীক কাৰ্নানক গ্ৰেপ্তাৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ তদুপৰি সংবাদ মাধ্যমকো কৰ্ণনৰ ভাষ্য প্ৰকাশ নকৰিবলৈ নিৰ্দেশ দিছে ৷

'কাৰ্নানক ন্যায়াধীশ হিচাপে নহয়, বৰঞ্চ এজন ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা হৈছে। আমি আদালতৰ অৱমাননাৰ ক্ষেত্ৰত পক্ষপাতিত্ব কৰিব নোৱাৰো।’ - এইবুলি মন্তব্য কৰিছে ভাৰতৰ মূখ্য ন্যায়াধীশ জে এছ খেহাৰে। 

ন্যায়াধীশ কাৰ্নানৰ ওপৰত অনুসুচীত জাতি তথা জনজাতিৰ অধিনিয়ম উলংঘনৰ অপৰাধৰ গোচৰৰ সংক্ৰান্তত এই ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে ৷ কাৰ্নানাৰ মানসিক স্বাস্থ্যৰ পৰীক্ষাৰ বাবে ন্যায়ালয়ে ১ মেত মেডিকেল বৰ্ড গঠন কৰাৰ নিৰ্দেশ দিছিল। কলকাতাৰ চৰকাৰী মেডিকেল বৰ্ডে ৪ মেত কাৰ্নানৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ কথা আছিল যদিও এই নিৰ্দেশ কাৰ্নানে অমান্য কৰে। 

উল্লেখ্য যে ৬১ বৰ্ষীয় কাৰ্নানে দেশৰ ২০ জন 'দুৰ্নীতিপৰায়ন’ ন্যায়াধীশৰ নাম প্ৰকাশ কৰি দেশত এনে ন্যায়াধীশৰ বিৰুদ্ধে অনুসন্ধানৰ বাবে দাবী জনাইছিল। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰও প্ৰেৰণ কৰিছিল কাৰ্নানে।