newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ প্ৰাথমিক শিক্ষাখণ্ডত খণ্ডত ব্যাপক অৰাজকতাই দেখা দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰাথমিক শিক্ষা বিষয়া মানসী শইকীয়াই একনায়কত্ববাদৰ বাবেই শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু অঞ্চলটোৰ শিক্ষানুষ্ঠান সমূহৰ শৈক্ষিক পৰিবেশ গঢ়ি তোলাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। শিক্ষা বিষয়া মানসী শইকীয়াই প্ৰায়ে কাৰ্যালয়ৰ পৰিবৰ্তে নিজ গৃহত থাকিয়েই চৰকাৰী কামকাজ চলোৱাৰ গুৰুত্বৰ অভিযোগ উথাপিত হৈছে। 

অানকি বিভিন্ন সময়ত বহু বিদ্যালয়ৰ শিক্ষকক মানসিক হাৰাশাস্তি দি ভয় ভাবুকিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগে উত্থাপন হৈ অহাৰ সময়তে তেনে এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কাকপথাৰ নিম্ন বুনিয়াদী বিদ্যালয় কৰ্মৰত নিয়মীয়া টেট শিক্ষক নৰেশ কুমাৰ গুপ্তাক অন্য বিদ্যালয়লৈ বদলিৰ নিৰ্দেশ দিয়ে শিক্ষা বিভাগে। 

এই নিৰ্দেশ লাভ কৰাৰ পিছতে বিদ্যালয়খ কৃৰ্তৃপক্ষই বিভাগীয় বিষয়াক বদলিৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ অাবেদন জনায়। কিয়নো ছাত্ৰ-ছাত্ৰী অনুপাতে পূৰ্বৰে পৰা শিক্ষক নাছিল। যদি টেট শিক্ষকগৰাকীক আন ঠাইলৈ বদলি কৰে তেন্তে বিদ্যালয়ক ছাত্ৰ-ছাত্ৰী মহা বিপদত পৰিব। ফলত ৰাইজ তথা বিদ্যালয় কৰ্তৃপক্ষৰ আহ্বানক গুৰুত্ব প্ৰদান কৰি জিলা শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়খনতে কাম কৰি যাবলৈ অনুমতি প্ৰদান কৰে শিক্ষক নৰেশ কুমাৰ গুপ্তাক। 

কিন্তু জিলা শিক্ষা বিষয়াগৰাকীৰ নিৰ্দেশক কাকপথাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে ভ্ৰুক্ষেপ নকৰি শিক্ষক নৰেশ কুমাৰ গুপ্তাৰ দৰমহা বন্ধ কৰি দিয়াৰ ভাবুকি দি বদলি কৰা বিদ্যালয়ত কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

ফলত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ সংখ্যা কমি যোৱাত বিদ্যালয়খনৰ অভিভাৱক, পৰিচালনা সমিতিয়ে কাকপথাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা লগাই এক প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কাকপথাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ স্বেচ্ছাচাৰিতা ৰোধ কৰি বিদ্যালয়খনত কৰ্মৰত শিক্ষক নৰেশ কুমাৰ গুপ্তাৰ বদলি নিৰ্দেশ বাতিল কৰিবলৈ দাবী জনায়। উল্লেখ্য যে, নিয়মীয়া টেট শিক্ষকগৰাকীয়ে শিক্ষা বিষয়াগৰাকীক ধনৰ টোপোলা নিদিয়াৰ ফলতে এনেধৰণৰ কাম কৰাৰ বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।