ওদালগুৰিঃ কলিতা জনগোষ্ঠী সন্মিলনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশনৰ দেওবাৰে সামৰণি পৰাৰ লগে লগে নিজম পৰিল ওদাৰগুৰি চহৰৰ ড০ বাণীকান্ত কাকতি ক্ষেত্ৰ। দেওবাৰে পুৱা ৮ বজাত প্ৰাতঃ প্ৰসংগৰ অন্তত দিনৰ ১১.৩০ বজাত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ৰাজ্য খনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ কৃষ্টি তথা লোক সংস্কৃতিৰ প্ৰদৰ্শনেৰে উলিওৱা শোভাযাত্ৰাত প্ৰায় ৫ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।  শোভাযাত্ৰাৰ অন্তত বিয়লি ২.৩০ বজাত ড০ বাণীকান্ত কাকতি ক্ষেত্ৰত আৰম্ভ হয় মুকলি সভা।

কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ড০ ভবেন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক ডা০ ৰমেন কুমাৰ কাকতিয়ে চৰকাৰে সামাজিক ক্ষেত্ৰতে কলিতা জনগোষ্ঠীক বঞ্চিত আৰু প্ৰতাৰণা কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কলিতাসকলে এতিয়া অস্তিত্বৰ সংকটত ভুগিছে। জনগোষ্ঠীটোৰ নিজৰ পৰিচয় হেৰুৱাৰ উপক্ৰম হৈছে। আমি কেৱল জনগোষ্ঠীটোৰ নাম লৈ চিঞৰি থাকিলেই নহ’ব। জনগোষ্ঠীটোৰ উত্তোৰণৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

কলিতাসকল পোন প্ৰথমে অসমলৈ অহা জাতি। বিভিন্ন সংগঠন, তথাকথিত বুদ্ধিজীৱি তথা জনগোষ্ঠীয়ে নিজকে ভুমিপুত্ৰ বুলি দাবী কৰি আহিছে যদিও যিহেতু উত্তৰ-পূৰ্ৱাঞ্চলত বৰ্তমানেও আদিম লোকৰ বসতিৰ বিষয়ে বৈজ্ঞানীসকলে সন্ধান পোৱা নাই, গতিকে কলিতা জনগোষ্ঠীটোৱেই নিজকে ভূমিপুত্ৰ জনগোষ্ঠী হিচাপে দাবী কৰিব পাৰে বুলি কয় সাধাৰণ সম্পাদক ডা০ ৰমেন কুমাৰ কাকতিয়ে৷ ডা০ ৰমেন কুমাৰ কাকতিয়ে আৰু কয়, অসমত কাৰ অধিকাৰ থাকিব লাগিব, কোনে অধিকাৰৰ দাবী কৰিব পাৰে সেয়া নতুনকৈ নিৰ্ধাৰণ হ’ব লাগিব। বিটিচি অঞ্চলত বিভিন্ন ক্ষেত্ৰত কলিতাসকল প্ৰতাৰণাৰ বলি হৈ অহাৰ কথাও তেওঁ জানিবলৈ ভাষণত উল্লেখ কৰে।

অসমত যি জনগোষ্ঠীৰ জনসংখ্যা বেছি সেই জনগোষ্ঠীটোৰ মৰ্যাদা অধিক হ’ব লাগিব। তেওঁ আলফাক সমালোচনা কৰি কয় যে আলফাৰ স্বাধীন অসমৰ দাবীত আৰম্ভ কৰা সশস্ত্ৰ আন্দোলনত কলিতা জনগোষ্ঠীৰ লোক জপিয়াই পৰি শ্বহীদ হৈছিল যদিও আজি আলফাই কলিতা জনগোষ্ঠীক বাদ দি আন ছয়টা জনগোষ্ঠীকহে জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী কৰিছে। আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা অসম আন্দোলনত প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ এগৰাকী কলিতা জাতিৰ যুৱক হোৱাৰ বিপৰীতে সেই আন্দোলনৰ শ্বহীদসকলৰ ভিতৰত পঞ্চাশ শতাংশই কলিতা জনগোষ্ঠীৰ বুলি তেওঁ দাবী কৰে।

ইফালে অখিল গগৈকো একেখন মঞ্চতে তেওঁ সমালোচনা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ প্ৰথম শ্বহীদ গৰাকী কলিতা জনগোষ্ঠীৰ যদিও তেওঁ কলিতা জনগোষ্ঠীৰ জনজাতিকৰণত কোনো দিনে মাত নামাতে বুলি আক্ষেপ কৰে। ইফালে প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায় আৰু তপন কুমাৰ গগৈক তেওঁ প্ৰত্যাহ্বান জনাই যদি তেওঁলোকৰ সৎ সাহস আছে তেতিয়া হ'লে তেওঁলোকে নিজকে কোচ ৰাজবংশী-আহোম বুলি নকৈ নিজকে অসমীয়া বুলি কওঁক।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে আছুক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে অসম তথা বৰ্তমানত বৃহৎ শক্তিশালী সংগঠন হিচাপে দাবী কৰা সদৌ অসম ছাত্ৰ সন্থা বৰ্তমান ৭০ শতাংশ কলিতা জনগোষ্ঠীৰ লোকেৰে জীয়াই আছে। ইয়াৰ পূৰ্ৱে প্ৰথম দিনৰ কাৰ্যসূচীৰ সন্ধিয়া সন্মিলনৰ বিষয়-বাচনি সভাত ড০ ভবেন চন্দ্ৰ কলিতাক কেন্দ্ৰীয় সভাপতি আৰু ডাঃ ৰমেন কুমাৰ কাকতিক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। অন্তিম দিনৰ কাৰ্যসূচীৰ নিশা সাংস্কৃতিক সন্ধিয়াৰে ত্ৰয়োদশ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি পৰে।