ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন ঠাইত সিচৰিত হৈ থকা কলিতা জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি জনগোষ্ঠীটোৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি যোৱা কলিতা জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় অধিবেশন শনিবাৰৰ পৰা ওদালগুৰিত অনুষ্ঠিত হয়৷ প্ৰায় ৯২টা উপাধিৰে বসবাস কৰি অহা তথা অসমৰ জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অসমৰ অতি প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠী কলিতাসকলৰ উমৈহতীয়া অৰাজনৈতিক মঞ্চ কলিতা জনগোষ্ঠী সন্মীলন৷

সংগঠনটোৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ শনিবাৰে পুৱা ৭ বজাত গুৰু আসন প্ৰতিষ্ঠা আৰু বন্তি প্ৰজলন কাৰ্যসূচী প্ৰতিষ্ঠা ৰূপায়ণ কৰে ওদালগুৰি জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শৰণাচাৰ্য্য বিমল ভকত বাপে৷ পুৱা ৭.৩০ বজাত প্ৰাত প্ৰসংগ অনুষ্ঠিত কৰা হয়৷

৮.৩০ বজাত কলিতা জনগোষ্ঠী সন্মীলন সভাপতি ড০ ভৱেন চন্দ্ৰ কলিতাই পতাকা উত্তোলন কৰে পিছতে ২৯ খন পতাকা উত্তোলন কৰে  গুৱাহাটী মহানগৰ, বঙাইগাওঁ, শোণিতপুৰ, মৰিগাওঁ, যোৰহাট, ডিব্ৰুগড়কে ধৰি বিভিন্ন জিলা সমিতিৰ পৰা অহা প্ৰতিনিধিয়ে। পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে কলিতা জনগোষ্ঠী সন্মীলনৰ সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিয়ে৷ পুৱা ৯.৪৫ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন, পুৱা ১০ বজাত মুখ্যদ্বাৰ উন্মোচন কৰে কলিতা জনগোষ্ঠী সন্মীলনৰ সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিয়ে৷