গুৱাহাটীঃ অসমৰ ঐতিহ্যমণ্ডিত শক্তিপীঠ কামাখ্যা ধামে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। ইণ্ডিয়া টুডে-য়ে প্ৰথমবাৰৰ বাবে দেশৰ বিভিন্ন ঐতিহ্যমণ্ডিত স্থান তথা পৰ্য্যটন স্থানসমূহৰ ওপৰত এক সমীক্ষা চলাইছিল।

এই সমীক্ষাত অসমৰ শক্তিপীঠ কামাখ্যা ধামে 'পৰ্যটন ক্ষেত্ৰৰ শ্ৰেষ্ঠ বঁটা’ লাভ কৰিবলৈ সক্ষম হয়। সমীক্ষাটোৰ ফলাফল ২০ এপ্ৰিলত ঘোষণা কৰা হয়।

উক্ত বঁটা ৰাজ্যিক পৰ্য্যটন আৰু সাংস্কৃতিক বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী মহেশ শৰ্মাৰপৰা গ্ৰহণ কৰে অসমৰ টুৰিজিম ডেভেলপমেন্ট কৰ্প’ৰেশ্যন লিমিটেডৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা প্ৰাপ্ত কামাখ্যা শক্তিপীঠ স্বচ্ছতাৰ দিশটোত যথেষ্ট অৱহেলিত হৈ আছে। এইক্ষেত্রত চৰকাৰে বঁটা গ্ৰহণ কৰিয়েই দায়িত্ব সামৰিব নে স্বচ্ছতাৰ দিশটোৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়েহে ক'ব।