মঙলদৈঃ কাটাপ্পাই বাহুবলীক কিয় হত্যা কৰিলে? সেই কথা জানিবলৈ সমগ্ৰ দেশৰ চলচিত্ৰগৃহত শনিবাৰে পৰিলক্ষিত হ'ল ব্যাপক ভিৰ। অসমতো দেখা গ'ল একেই উৎকণ্ঠা আৰু উছাহ।

কিন্তু অসমৰ অন্য প্ৰান্তৰ তুলনাত মঙলদৈ চহৰৰ চিনেমাপ্ৰেমীসকলৰ উছাহ আৰু উৎকণ্ঠা যেন এই ক্ষেত্ৰত ষথেষ্ট পৃথক। কেৱল মঙলদৈ চহৰেই নহয়, সমগ্ৰ দৰং জিলাৰ চিনেমাপ্ৰেমীসকলে বাহুবলী-২ক লৈ অনুভৱ কৰিছে বিশেষ উৎকণ্ঠা।

কিন্তু বাহুবলীক লৈ দৰংবাসীৰ এনে বিশেষ উৎকন্ঠাৰ কাৰণনো কি? এই কাৰণটোৱেই হৈছে কমল। বাহুবলী-২ৰ সৈতে থকা কমলৰ সম্পৰ্কৰ বাবেই ছবিখনক লৈ বিশেষ উৎকণ্ঠা অনুভৱ কৰিছে দৰংবাসীয়ে।

মুক্তিৰ দিনাই সফলতাৰ শীৰ্ষত আৰোহন কৰা বাহুবলী-২ৰ দৰে বিগ বাজেটৰ চিনেমাৰ সৈতে ঘৰৰে ল'ৰা কমল জড়িত হৈ থকা বিষয়টোৱে গৌৰৱান্বিত কৰি তুলিছে সমগ্ৰ মঙলদৈ আৰু দৰংবাসীক।

মঙ্গলদৈ চহৰৰ জনাৰাম ডেকাৰ পুত্ৰ কমল। সম্পূৰ্ণ নাম কমল জ্যেতি ডেকা। বাহুবলী-২ৰ 'ভিজুৱেল ইফেক্টছ'ৰ কাম কৰি বোলছবিখনৰ সফলতাৰ ক্ষেত্ৰত বিশেষ ভুমিকা পালন কৰিছে কমলে। উল্লেখ্য যে ছবিখনৰ অভিনয়তকৈও অত্যাধিক গুৰুত্ব পাইছে ভিজুৱেল ইফেক্টে। ইয়াৰ পৰাই বুজিব পাৰিছ ছবিখনত কমল আৰু তেওঁৰ সহযোগী ভিজুৱেল ইফেক্টছৰ দায়িত্বত থকাসকলৰ ভূমিকা কিমান উল্লেখনীয় আছিল।

কিন্তু কমলৰ এই যাত্ৰা ইমান সহজ নাছিল। এনিমেশ্যন শিকাৰ সময়ত পিতৃৰ লগতে পৰিয়ালৰ বহুতৰে পৰা বাধা পাইছিল কমলে। 'এনিমেশ্যনেৰে কাৰ মূৰতো কৰিবি' বুলিও বহুতে আৰম্ভণিৰ সময়ত ঠাট্টা কৰিছিল কমলক।

অসমত এইবোৰ কৰি লাভ নাই বুলি কৈ বহুতে কমলক চৰকাৰী চাকৰি কৰিবলৈকো পৰামৰ্স আগবঢ়াইছিল। কিন্তু নিজৰ লক্ষ্য আৰু সিদ্ধান্ত অটল কমলে কাৰো কথালৈ কৰ্ণপাত নকৰি এনিমেশ্যমত মনোনিবেশ কৰিছিল।

এনিমেশ্যনৰ কাম কি সেয়া ভালদৰে নুবুজি এসময়ত বাধা দিলেও এতিয়া পুত্ৰৰ সফলতাত আনন্দিত হৈ পৰিছে পিতৃ জনাৰাম ডেকা। চিনেমাখন মঙলদৈৰ গল্ড চিনেমা হলত প্ৰদৰ্শিত হৈছে যদিও মঙলবাৰলৈ টিকট পোৱাৰ কোনো সম্ভাৱনা নাই বুলি জানিব পাৰিছে পিতৃ জনাৰামে। ফলত টিকটৰ নাটনিৰ বাবে পুত্ৰৰ হাতৰ কাম বৰ্তমানলৈ চোৱাৰ সৌভাগ্য হোৱা নাই পিতৃ-মাতৃ তথা পৰিয়ালৰ আন সদস্যসকলৰ। এতিয়া মঙলবাৰৰ পিছতহে ছবিখন চাব বুলি জানিবলৈ দিছে কমলৰ পিতৃ-মাতৃয়ে।

ইফালে সংবাদ মাধ্যমেৰে হোৱা টেলিফোনিক বাৰ্তালাপত কমলে অসমীয়া চিনেমাৰো ভাল দিন আহিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে উন্নত ভিজুৱেল ইফেক্টছ ব্যৱহাৰ কৰি ছবি নিৰ্মাণ কৰিলে অসমীয়া কথাছবিয়েও সফলতা লাভ কৰাতো নিশ্চিত।

এনেদৰেই এতিয়া বাহুবলী-২ৰ দৰে সফল ছবিত চিনাকি যুৱক এজন জড়িত হৈ থকা বুলি জানিব পাৰি উফুল্লিত হৈ পৰিছে সমগ্ৰ দৰংবাসীৰ লগতে ৰাজ্যবাসী। স্ব-গৃহলৈ উভতিলে যুৱকজনক আদৰি আনিবলৈকো অঞ্চলবাসীয়ে যো-জা চলোৱা বুলিও জানিব পৰা গৈছে।