চৰাইদেউঃ সংগঠন বিৰোধী কাম-কাজত লিপ্ত থকাৰ অভিযোগত আমছুৰ পৰা বহিষ্কৃত হৈছে সম্পাদক কমৰুজ জামান সৰকাৰ। উত্থাপিত অভিযোগ প্ৰমাণিত হোৱাৰ পিছতে কমৰুজক বহিষ্কাৰৰ সিদ্ধান্ত চূড়ান্ত কৰা হয়।

এই অনুযায়ী আজি আমছুৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যকৰী সভা অনুষ্ঠিত হয়। উক্ত সভাতে সৰ্বসন্মত সিদ্ধান্ত অনুসৰি কমৰুজক আমছুৰ সম্পাদক পদবী তথা আমছুৰ প্রাথমিক সদস্যৰ পৰা আজীৱনৰ কাৰণে বহিস্কাৰ কৰা হয়।

আমছুৰ আন এজন সম্পাদক মনোৱাৰ হুছেইন (বকুল)কো সংগঠনটোৰ উপদেষ্টাক অপমান কৰাৰ লগতে সংগঠন বিৰোধী কামত লিপ্ত থকাৰ অভিযোগত সম্পাদক পদৰ পৰা নিলম্বন কৰা হৈছে।

আজি অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যকৰী সভাৰ সিদ্ধান্ত আনুযায়ী মনোৱাৰ হুছেইন (বকুল)ক কিয় আমছুৰ পৰা বহিস্কাৰ কৰা নহ'ব তাৰ লিখিত জবাব অহা ১০ দিনৰ ভিতৰত আমছুৰ সভাপতিক দাখিল কৰিবলৈ আহ্বান জনাই কৈফিয়ৎ তলব জাননী জাৰি কৰা হয়।