গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিয়ে বুধবাৰে অসম মহিলা বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰে বন্ধ কৰিব বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কামৰূপ জিলা আছুৰ উদ্যোগত কেইবাশতাধিক আছুৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ছাত্ৰ সন্থাই শীঘ্ৰে মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণাংগ ৰূপ দিয়াৰ দাবী জনাই চৰকাৰক৷ ইমানে নহয় অৱস্থান ধৰ্মঘটথলীৰ পৰাই আছুৱে চৰকাৰক সকীয়াই দি বিশ্ববিদ্যালয় খন বন্ধ কৰাৰ কথা পাহৰি যাওক বুলি সকীয়াই দিয়ে৷ 

২০১৩ চনতে স্থাপন বিশ্ববিদ্যালয় খনত মুঠ ১৫টা বিভাগত ৭৫০গৰাকী ছাত্ৰী বৰ্তমানেও অধ্যয়ন কৰি আছে বুলি কৈ আছুৰ সাধাৰণ সম্পাদক লুৰুণজ্যোতি গগৈয়ে বিশ্ববিদ্যালয়ৰ প্ৰথম দুটা বৰ্ষৰ ছাত্ৰীসকলে ইতিমধ্যে শিক্ষা সমাপ্ত কৰিছে কিন্তু আচৰিত কথা আজি পৰ্যন্ত ছাত্ৰীসকলে  চাৰ্টিফিকেট লাভ কৰা নাই বুলি আক্ষেপ কৰে। 

গগৈয়ে চৰকাৰৰ এই সিদ্ধান্তক তীব্র ভাষাৰে গৰিহণা দি কয় যে অসম মহিলা বিশ্ববিদ্যালয় স্থাপন হৈছিল Assam university Act-2013ৰ জড়িয়তে৷ কিন্ত সদায় আইন-শাসনৰ কথা কোৱা বিজেপি চৰকাৰে কনেদৰে আইনৰ জৰিয়তে প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় এখন ভংগ কৰি দিব বুলি প্ৰশ্ন উত্থাপন কৰে। 

এয়াই নেকি বিজেপি চৰকাৰ আইনৰ শাসন? সম্পাদকগৰাকীয়ে বিজেপি চৰকাৰৰ কথা আৰু কামৰ মাজত আকাশ-পাতাল প্ৰাৰ্থক্য থকা বুলি আভিযোগ উত্থাপন কৰি এফালে কেন্দ্ৰৰ মোডী চৰকাৰে বেটী পঢ়াও বেটী বচাও শ্ল’গান আৰু বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰছ কৰি থকাৰ সময়তে ৰাজ্যৰ বিজেপি চৰকাৰে ছাত্ৰীক শিক্ষাৰ অধিকাৰ পৰা বঞ্চিত কৰা কাৰ্য সচাকৈয়ে অসমৰ বাবে দুৰ্ভাগ্যজনক আখ্যা দিয়ে আছু নেতাগৰাকীয়ে।

উল্লেখ্য যে, বিজেপি চৰকাৰৰ জনবিৰোধী নীতি গ্ৰহণ কৰিব বিচৰাৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ এইবাৰ পুনৰ ৰাইজ জাঙুৰ খাই উঠিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷ এইবাৰ বেটী পঢ়াও বেটী বচাও শ্ল’গান দিয়া বিজেপি দলৰ চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছে অসমৰ ৰাইজ৷ উজনি-নামনিৰ লোকে এতিয়া নাৰী উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে৷

নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷