বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বিহদিয়াত অনুষ্ঠিত হ’ব নাট কৰ্মশালা৷ কলা-সংস্কৃতি ভাল পোৱা একাংশ যুৱক-যুৱতীয়ে গঠন কৰা "সৃষ্টি আৰ্ট থিয়েটাৰ"ৰ উদ্যোগত অহা ১৭-২৪ ডিচেম্বৰত বিহদিয়া আঞ্চলিক হাইস্কুলত অনুষ্ঠিত নাট কৰ্মশালাত অঞ্চলটোৰ যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰি সুপ্ত প্ৰতিভা বিকাশ কৰাৰ সুবিধা প্ৰদান কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে৷

সাংস্কৃতিক প্ৰতিভা তথা মানসিক, বৌদ্ধিক বিকাশৰ উদ্দেশ্য কৰ্ম শালা দুটা শাখাত অনুষ্ঠিত হ’ব বুলিও কয় উদ্যোক্তাই৷ কৰ্মশালাত অভিনয়, মুকাভিনয়, নৃত্য আৰু যোগাৰত প্ৰশিক্ষণ দিয়া হ’ব আৰু ইয়াত ঐ খাপলা খ্যাত হাপা, চেনী আৰু গাঁওবুঢ়েনীয়ে প্ৰশিক্ষক হিচাপে অংশ লব।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (চিকিম) ত প্ৰশিক্ষণপ্ৰাপ্ত স্থানীয় উদ্যমী যুৱক বেণুধৰ পাটোৱাৰীৰ নেতৃত্বত পৰিচালিত অনুষ্ঠানটোৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া নাট কৰ্মশালাৰ ভৰ্ত্তি মাচুল ১৯৯ টকা ধাৰ্য কৰে৷  ৭০০২০৬৩২৭২ অথবা ৯৫০৮৪৫৫৯৩৮৪৫ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই উদ্যোক্তাই৷