newsnextone.com। চতিয়াঃ ওঠৰ দফীয় দাবী পূৰণ কৰাৰ দাবীত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম মণ্ডল-কানানগো সন্মিলনীয়ে সমগ্ৰ ৰাজ্যখনৰ ৰাজহ চক্ৰ কাৰ্যালয় সমূহত অসহযোগৰ কাৰ্যসূচী ৰূপায়ন কৰে৷

বিশ্বনাথ জিলাৰ নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো আজি অসহযোগ কাৰ্যসূচী ৰূপায়ন কৰে মণ্ডল-কানানগো সকলে৷ উল্লেখ্য যে সদৌ অসম  মণ্ডল কানানগোহ সন্মিলনীয়ে যুক্তি সংগত ভাৱে দীৰ্ঘদিন ধৰি বিভিন্ন দাবী পূৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে তেওঁলোকক গুৰুত্ব প্ৰদান নকৰাত সন্মিলনীয়ে যোৱা ১৪,১৫ আৰু ১৬ মে'ত অসহযোগ কাৰ্যসূচী ঘোষণা কৰাৰ পাচতে তেওঁলোকৰ দাবী সমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়াত সন্মিলনীয়ে সাময়িক ভাবে স্হগিত ৰাখে অসহযোগ কাৰ্যসূচী৷

কিন্তু বিগত চাৰি মাহে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো সহাৰি নিদিয়াত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসহযোগ ঘোষণা কৰে সদৌ অসম মণ্ডল কানানগোহ সন্মিলনীয়ে৷ তাৰ পৰিপ্ৰেক্ষিততে বিশ্বনাথ জিলাৰ নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজিৰ পৰা তিনিদিন অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰে৷

যিবোৰ জিলাত ভূমিৰ পুনৰ বন্দোৱস্তী হোৱা নাই তাত কাম আৰম্ভ কৰা,মণ্ডল কানানগো সকলক কাৰিকৰী কৰ্মচাৰী হিচাপে বিবেচনা কৰা লগতে ভাট্টা প্ৰদান কৰা,সেৱা বিধি,G.P.S,GIS,E.T.S, D.P.S,Dharitri প্ৰশিক্ষণ দিয়া,মণ্ডল কানানগো সকলৰ বাবে সংৰক্ষিত ৰেভিনিউ অফিচাৰ পদৰ বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰা,মণ্ডল লাট সমূহ পুনৰ গঠন,ৰাজহ পৰিদৰ্শক পদত নিযুক্তি,মণ্ডল বেৰেক নিৰ্মাণ,ৰাজহ চক্ৰৰ পুৰণি গৃহ সমূহ পুনৰ নিৰ্মাণ আৰু আধুনিক আচবাব প্ৰদানকে ধৰি ওঠৰটা দীৰ্ঘদিনীয়া দাবীৰে তিনিদিনীয় অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিছে।

অনহাতে তেওঁলোক কয় যে, ৰাজহ চক্ৰৰ কাৰ্যালয় সমূহত বহু মণ্ডলৰ পদ এতিয়াও খালী হৈ আছে৷ সেই খালী পদসমূহও অতি শীঘ্ৰে চৰকাৰে পূৰণৰ ব্যৱস্থা কৰিব লাগে৷ কেৱল এয়ে নহয় তেওঁলোকে আওপুৰণী নথি-পত্ৰৰেই কাম চলাব লগীয়া হৈছে৷ গতিকে এই ক্ষেত্ৰতো চৰকাৰে আধুনিকীকৰণৰ ব্যৱস্থা কৰাতো প্ৰয়োজনীয়তা আহি পৰিছে বুলি দাবী কৰে অসহযোগকাৰীসকলে ৷