ডিজিটেল ডেস্কঃ আন্না হাজাৰেৰ সৈতে এসময়ত দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি ভাৰতৰ জনসাধাৰণৰ আগত নতুন ভাৰতৰ স্বপ্ন হিচাপে দেখা দিয়া অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধেই এতিয়া উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিত পোত গৈ থকা ৰাজনৈতিক দলসমূহৰপৰা মুক্তি দিয়াৰ পণেৰে বৈকল্পিক ৰাজনীতিৰ বাট দেখুওৱা কেজৰিৱালৰ বিৰুদ্ধে তেঁওৰ মন্ত্ৰীসভাৰ এজন কেবিনেট মন্ত্ৰীয়ে উত্থাপন কৰিছে পানীযোগান কেলেংকাৰীৰ অভিযোগ।

শেহতীয়াকৈ অপসাৰিত কেবিনেট মন্ত্ৰী কপিল মিশ্ৰই দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰখনৰ গুৰুত্বপূৰ্ণ পদবীত থকা মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। সত্যেন্দ্ৰ জৈনে কেজৰিৱালক ২ কোটি টকাৰ উৎকোচ দিয়া স্বচক্ষে প্ৰতক্ষ্য কৰা বুলি বিস্ফোৰক মন্তব্য আগবঢ়াই মিশ্ৰাই কয় যে এই সন্দৰ্ভত তেঁও দিল্লীৰ দুৰ্নীতি বিৰোধী বিউৰোক ততালিকে খবৰ কৰিছিল। সেই কাৰণতে তেঁওক মন্ত্ৰীত্বৰপৰা অপসাৰণ কৰা বুলি মন্তব্য কৰে মিশ্ৰই।

শুকুৰবাৰে স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ দায়িত্বত থকা মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কেজৰিৱালৰ ঘৰতে এনেদৰে টকাৰ লেনদেন কৰাৰ অভিযোগ অনাৰ পিছতে কেজৰিৱালৰ দলীয় নেতৃত্বই তেঁওৰ বিৰুদ্ধে এই চৰম সিদ্ধান্ত লয় বুলি সংবাদিকৰ আগত ব্যক্ত কৰে মিশ্ৰই।

'এয়া কি? এয়া কিহৰ বাবে দিয়া হৈছে?’ বুলি মিশ্ৰই কৌতুহলবশতঃ কেজৰিৱালক প্ৰশ্ন কৰে যদিও মিশ্ৰৰ প্ৰশ্নৰ উত্তৰ দিয়াৰপৰা বিৰত থাকে কেজৰিৱাল। বৰঞ্চ 'ৰাজনীতিত এনে লেন-দেন হৈয়ে থাকে, যাৰ বিষয়ে পিছতহে খোলোচাকৈ ক’বপৰা যায়’ বুলিহে কেজৰিৱালে মন্তব্য কৰা বুলি মিশ্ৰই জনায়।

এই কথাতেই সন্দেহৰ বশৱৰ্তী হৈ মিশ্ৰই অৱশেষত শনিবাৰে দুৰ্নীতি বিৰোধী বিউৰোক এই কথা জনায়। 'পৰহি দেখিলো আৰু কালি ৰাতিপুৱাই মাত মাতিলো। এটা দিনো অপেক্ষা কৰিব নোৱাৰিলো’- মিশ্ৰই টুইটযোগে আজি মন্তব্য কৰে।  

এই সন্দৰ্ভত দিল্লীৰ উপমুখ্যমন্ত্ৰী মনিষ চিচোড়িয়াই অভিযোগক ভিত্তিহীন বুলি জনায়। জল ব্যৱস্থাপনাৰ কাম সুচাৰুৰূপে পৰিচালনা নকৰি কৰ্তব্যত গাফিলতি কৰাৰ বাবেহে মিশ্ৰক অপসাৰিত কৰা হৈছে বুলি চিচোড়িয়াই মন্তব্য কৰে।

কিন্তু আপৰ অন্যতম গুৰুত্বপুৰ্ণ নেতা কুমাৰ বিশ্বাসে টুইটাৰত দিয়া মন্তব্যই বিষয়টো ৰহস্যঘন কৰি তুলিছে। 'দেশৰ কাৰ্যকৰ্তাসকলক ভৰসা দিছো যে আমি দুৰ্নীতিৰ বিৰুদ্ধে ভিতৰে-বাহিৰে মাত মতা অব্যাহত ৰাখিম, পৰিণাম লাগিলে যিয়ে নহওক’ বুলি বিশ্বাসে কৰা মন্তব্যৰপৰা স্পষ্ট অনুমান কৰিব পৰা যায় যে বিশ্বাসেও মিশ্ৰৰ পক্ষ লৈছে।   

অৰবিন্দ কেজৰিৱালৰ নিষ্ঠাপৰায়ণ ব্যক্তিত্বৰ বাবেই বহুলোকে আম আদমী দলক আদৰি লৈছিল যদিও এতিয়া জৈনৰ দৰে দুৰ্নীতিপৰায়ণ মন্ত্ৰীক ৰক্ষণাবেণ দিয়াৰ চেষ্টা আপে কিয় কৰিছে সেই প্ৰশ্ন উত্থাপন কৰে মিশ্ৰই।

উল্লেখ্য যে সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে ইতিমধ্যে ক’লাধন আৰু উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এই সন্দৰ্ভত চিবিআইয়ে ইতিমধ্যে অনুসন্ধান চলাই আছে।