newsnextone.com | ডিফুঃ ভাৰত চৰকাৰৰ জনস্বাৰ্থ বিৰোধী মটৰ ভেহিকেল সংশোধনী বিধেয়ক বাতিল, পেট্ৰল আৰু ডিজেল মূল্য হ্ৰাস কৰা, মটৰ শ্ৰমিকৰ বাবে কল্যাণ আঁচনি প্ৰৱৰ্তন কৰা আৰু মটৰ শ্ৰমিকৰ অন্যান্য ৯ দফীয়া দাবীত অহা ৭ আগষ্টত দেশজোৰা চকা বন্ধ কাৰ্যসূচী পালন কৰিব। চকা বন্ধ কাৰ্যসূচীক কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থা চমুকৈ কেএএমটিডব্লিউ এণ্ড ডিইউ য়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷ 

এক বিবৃতি যোগে সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে জিলাখনৰ গধুৰ আৰু লঘু যান-বাহনৰ চালক, শ্ৰমিক আৰু মালিক পক্ষৰ হৈ জানিবলৈ দি কয় যে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক বাৰুকৈয়ে সমস্যাত পেলাই ৰখাৰ সমান্তৰালকৈ মটৰ ভেহিকল এক্ট সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে মটৰ শ্ৰমিকসকলক অন্যায় কৰা হৈছে ৷ 

বিধেয়ক মটৰ শ্ৰমি সকলৰ বাবে এক অভিশাপ স্বৰূপ ৷ সেয়ে ৰাষ্ট্ৰীয় মটৰ শ্ৰমিক সংগঠনে অহা ৭ আগষ্টত আহ্বান জনোৱা ৰাষ্ট্ৰ জোৰা চকা বন্ধ কাৰ্যসূচীক অসম মটৰ পৰিবহন শ্ৰমিক সংগঠন সমূহৰ দৰে কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাই পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷ 

সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে বন্ধৰ সমান্তৰালকৈ কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাৰ তৰফৰ পৰা ভাৰত চৰকাৰক সামাজিক সুৰক্ষা বিধেয়ক ২০১০ ৰূপায়নৰ জৰিয়তে গৃহ নিৰ্মাণ আৰু অন্যান্য শ্ৰমিকক দিয়া সুবিধা সমূহ যেনে পেঞ্চনৰ ব্যৱস্থা, চিকিৎসা, জীৱনবীমা আৰু মটৰ শ্ৰমিকসকলৰ সন্তানৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ বাবে বৃত্তিৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী উত্থাপন কৰে ৷ জিলাখনৰ মটৰ শ্ৰমিক আৰু মালিক পক্ষৰ ৭ আগষ্টৰ চকা বন্ধ কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনাইছে সাধাৰণ সম্পাদকগৰাকীয়ে ৷