বোকাজানঃ কাৰ্বি ভূমিত বিগত কেইবাদিনো ধৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি ১৫টা জনগোষ্ঠীয় সংগঠনক কাৰ্বি স্বায়ত্ব পৰিষদে আলোচনাৰ বাবে আমন্ত্ৰণ জনায়৷ আগন্তক কাৰ্বি পৰিষদৰ নিবাচৰ্নৰ পূৰ্বে সংবিধানৰ ২ আৰু ৭ নং অনুচ্ছেদ অনুসৰি আইন আৰু নীতি গ্ৰহণ কৰি পৰিষদীয় ভোটাৰ তালিকাৰ পৰা অজনজাতিৰ নাম কতৰ্নৰ দাবীত ২৪ সংগঠনে উমৈহতীয়া আন্দোলন অব্যাহত ৰাখিছে৷

যোৱা ২১ এপ্ৰিলত ২৪ টা সংগঠনৰ নেতৃত্বত উলংগ প্ৰতিবাদ সাব্যস্ত কৰি কপাই তুলিছিল কাৰ্বি ভূমি ৷ চৰকাৰে অ-জনজাতিৰ নাম কৰ্তন নকৰিলে ১০০০ মহিলাও ৰাজপথত উলংগ হৈ অভিনৱ প্ৰতিবাদ কৰাৰ কথা চৰকাৰক সকীয়াই দিছিল ৷ বিভিন্ন প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজিৰে পৰা ২৯ এপ্ৰিলৰ পুৱা ৫ বজালৈ ৫৩ ঘন্টীয়া কাৰ্বি আংলং জিলা বন্ধ ঘোষণা কৰে ২৪টা সংগঠনে৷ ২৪টা সংগঠনে আহ্বান জনোৱা বন্ধৰ ব্যাপক প্ৰভাৱ পৰে কাৰ্বি ভূমিত৷ ব্যৱসায় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, যান-বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ থাকে৷

পুৱাৰে পৰা বন্ধ অব্যাহত থকাৰ মাজতে কাৰ্বি  আংলং স্বায়ত্ব পৰিষদ কৰ্তৃপক্ষই কাৰ্বি ভূমিত প্ৰতিবাদ অব্যাহত ৰখা জনগোষ্ঠীয় সংগঠনক আলোচনালে আমন্ত্ৰণ জনোৱাত যোৱা নিশা ১২ বজাৰ পৰা আৰম্ভ হোৱা ৫৩ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধ আজিৰ দিনৰ ১২ বজাৰ পৰা সংগঠনকেইটাই বন্ধ প্ৰত্যাহাৰ কৰে ৷

জানিব পৰা মতে কাৰ্বি ভূমিৰ এছ.এছ.আই.চিৰ নেতা জে.আই কাঠাৰ, ইউ.কে.এছ.এছ.এৰ নেতা ৰতন তেৰাং, এছ.এছ.আই.চিৰ নেতা চেমচন তেৰণ, নিহাং কাৰ্বি ৰং আছাৰ এমেইৰ নেতা জেকসিং ইংতি, পিপলছ ফৰ পিপলছৰ নেতা গুলছন বে, কাৰ্বি ষ্টুডেন্ট এণ্ড য়ুথ এচেম্বলিৰ নেতা ছান্দাৰ তেৰান, কে.এফ.এৰ নেতা ৰাজেশ টিছু, কে.এ.আৰ.এ.এ.কেৰ নেতা ধনসিং ৰংহাং, এইচ.টি.এছ.চি.ত্ৰৰ নেতা হাৰুসিং ডাৰো, আৰ.এন.এছ.ইউৰ নেতা ফেনপিগা ৰেংমা, ডি.এছ.এৰ নেতা বিৰাজ ডিপোজা, কে.এন.এৰ থংঠেং তথাং, এম.টি.ৱাই.এ আৰু গ্ৰেটাৰ গুৱাহাটী কাৰ্বি এছোচিয়েছনক এই আলোচনালৈ আমন্ত্ৰণ জনোৱাৰ পাছতে সাময়িক বন্ধ সমাপ্তি ঘোষণা কৰে সংগঠন কেইটাই ৷

কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংগঠনসমূহৰ দাবীৰ ওপৰত অহা ২৯ এপ্ৰিলত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়াত বন্ধ প্ৰত্যাহাৰ কৰে বুলি সংগঠনসমূহৰ নেতৃত্বই জানিবলৈ দিছে ৷ শেহতীয়া খবৰ মতে তুলিৰাম ৰংহাঙে এক বিবৃতিৰ জৰিয়তে ২৯ এপ্ৰিলৰ পৰিৱৰ্তে অহা ৩ মে'ত কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ আলোচনা সভাগৃহত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সংগঠনসমূহৰ নেতৃত্বৰে আলোচনাত বহিব বুলি জনোৱাৰ লগতে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ সমূহ নিৰ্বাচিত পৰিষদীয় সদস্যক উক্ত আলোচনাত উপস্থিত থাকিবলৈ মূখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আহ্বান জনাইছে৷