ডিফুঃ ফলাফল ঘোষণাৰ ১১ দিনৰ অন্তত আজি দ্বাদশ কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচিত প্ৰাৰ্থীসকলে পৰিষদৰ সদস্য হিচাপে শপত বাক্য পাঠ কৰে। কাৰ্বি স্বায়ত্ত পৰিষদৰ সভা কক্ষত নৱ নিৰ্বাচিত পৰিষদৰ সদস্য সকলক শপত বাক্য পাঠ কৰোৱায় কাৰ্বি আংলঙৰ উপায়ুক্ত আদিল খানে৷ শপত গ্ৰহণ অনুষ্ঠানত পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্তৰ লগতে ডিফু, বোকাজান আৰু হাওৰাঘাট সমষ্টিৰ বিধায়কৰ লগতে কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷ 

শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰাক ক্ষণতেই আৰম্ভ হোৱা এজাক বৰষুণৰ পাছতো অনুষ্ঠান সুকলমে অনুষ্ঠিত হয়৷ আজিৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত ক্ৰমে ১ বজাত পৰিষদৰ অধ্যক্ষ নিৰ্বাচনৰ বাবে জাননী জাৰী কৰা হয়।লগতে ৪ জুলাইৰ ১২ বজাত উপাধ্যক্ষৰ বাবে মনোনয়ন পূৰণৰ অন্তিম দিন, ৫ জুলাইত অধ্যক্ষ পদৰ বাবে নিৰ্বাচন, ৫ জুলাইত মুখ্য কাৰ্যবাহী পদৰ বাবে আনুষ্ঠানিক ঘোষণা আৰু ৭ জুলাইত ৰাজ্যপালৰ দ্বাৰা মুখ্য কাৰ্যবাহীৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি ঘোষণা কৰা হয়৷

আনহাতে আজি একাংশ বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমে  পূৰ্বৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকেই পুনৰ চিইএমৰ দৰে গুৰু দায়িত্বৰ বাবে দলে বাছনি কৰিছে বুলি বাতৰি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ইফালে প্ৰবীণ আৰ এছ এছ নেতা আৰু বিজেপিৰ লুম্বাজং পৰিষদীয় সমষ্টিৰ বিজয়ী  প্ৰাৰ্থী ৰতন টেৰণ,  সৰু পথাৰ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী জগত সিং ইংতি, হাওৰাঘাট সমষ্টিৰ বিজয়ী প্ৰাৰ্থী খন চিং ৰংপিৰ নামো মুখ্য কাৰ্যবাহী পদৰ বাবে জিলাখনত চৰ্চিত হৈ পৰিছে৷

মুখ্য কাৰ্যবাহী সদস্যৰ বাবে তুলিৰামৰ সন্দৰ্ভত ওলোৱা বাতৰিক লৈ একাংশ সমৰ্থকে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে। তেওঁলোকে পৰিৱৰ্তনৰ শ্ল'গান দিয়া বিজেপিক মুখ্য কাৰ্যবাহীৰ পদটোত প্ৰথমে পৰিৱৰ্তন আনি নতুন মুখক সুবিধা প্ৰদান কৰি উন্নয়ন ত্বৰান্বিত কৰিবলৈ দাবী জনাইছে। 

উল্লেখ্য যে, বিগত বৰ্ষত ২৩ জুনত পৰিষদৰ প্ৰতিষ্ঠা দিৱসত কংগ্ৰেছ শাসিত পৰিষদৰ পৰা সাংগো-পাংগোসহ  ১৭ জন সদস্যক লগত লৈ কংগ্ৰেছ ত্যাগ কৰি  তুলিৰাম ৰংহাঙে বিজেপিত যোগদান কৰে। ২০১৭ বৰ্ষৰ জানুৱাৰীত একাদশ কাৰ্বি স্বায়ত্ত পৰিষদৰ কাৰ্যকালৰ সামৰণি পৰাৰ পিছত পৰিষদীয় ভোটাৰ তালিকা প্ৰস্তুত নোহোৱাত ৰাজ্যিক নিৰ্বাচন  আয়োগে পৰৱৰ্তী ৬ মাহৰ বাবে পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰে৷

এইলৈ বিৰোধী দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ২৪ সংগঠনে অজনজাতিৰ ভোটাধিকাৰ কৰ্তন কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নগ্ন প্ৰতিবাদেৰে পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল যদিও সকলো বাধা নেওচি পৰিষদৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় আৰু বিজেপিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰে। দলটোৱে মুঠ ২৬ খন আসনৰ ২৪ খন আসনেই দখল কৰি অভিলেখ ৰচনা কৰিবলৈ সমৰ্থ হয়।

অৱশ্যে নেতৃত্ব বাছনিৰ বাবে দলত কেইবাটাও শিৱিৰৰ সৃষ্টি  হয়৷ শিবিৰ কেইটাৰ ভিতৰত জ্যেষ্ঠ নেতা ৰতন টেৰণক চিইএমৰ বাবে সমৰ্থন কৰা শিবিৰটো অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে৷ এনে খাম-খেয়ালিৰ মাজতে নতুন বটলত পুৰণি সুৰা সদৃশ নৱ নিৰ্বাচিত পাৰিষদখনৰ পৰা জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন কামনা কৰিছে পাহাৰীয়া ৰাইজে।