newsnextone.com।খেৰণি: পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত নিশা চোৰৰ তাণ্ডৱ। খেৰণি থানা অন্তৰ্গত তথা খেৰণি থানৰ পৰা মাত্ৰ ১৫০ মিটাৰ দূৰত্বত সংঘটিত হৈছে এই ঘটনা। সিং কমিনিকেচন নামৰ মোবাইল দোকানত চোৰৰ এই চাফাই অভিযান। নিশা দৰ্জাত ওলমি থকা তলা ভাঙি দোকানখনৰ পৰা প্ৰায় ডেৰ লক্ষাধিক টকাৰ মোবাইল হেণ্ডছেট চুৰ কৰি চাফাই অভিযান চলাই চোৰে। উল্লেখযোগ্য যে ৰাতিপুৱা প্ৰত্যক্ষদর্শীয়ে দুৱাৰৰ তলা ভাঙি থকা দেখি আৰক্ষীৰ লগতে দোকানৰ গৰাকীক ঘটনা সন্দৰ্ভত অৱগত কৰে। ইয়াৰ পাছতেই ঘটনাস্থলিত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে আৰক্ষীয়ে।