newsnextone.com | ডিজিটেল ডেস্কঃ ১৯ বছৰ সম্পূৰ্ণ কৰিলে কাৰ্গিল যুদ্ধই। ১৯৯৯ চনৰ ২৬ জুলাইৰ সেই দিনটোৰ কথা আজিও পাহৰিব পৰা নাই প্ৰতিগৰাকী ভাৰত মাতৃৰ সন্তানে। যেতিয়া পাকিস্তানৰ সেনাই ভাৰতীয় সেনাৰ সন্মুখত আত্মসমৰ্পণ কৰিব লগা হৈছিল তেতিয়া আৱেগিক হৈ পৰিছিল প্ৰতিগৰাকী ভাৰতীয়। সীমান্তলৈ আহি ভাৰতক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰা পাকিস্তান সেনাই নিজেই অস্ত্ৰসহ আত্মসমৰ্পণ কৰিব লগা হৈছিল। 

কিয়নো বীৰ ভাৰতীয় সেনাৰ সন্মুখত তেওঁলোকৰ কোনো ৰাস্তা নাছিল। বীৰ ভাৰতীয় সেনাই ১৯৭১ চনৰ বাংলাদেশ বিভাজনৰ সময়ৰ দৰেই ১৯৯৯ চনতোঁ বিজয় সাব্যস্ত কৰি বিশ্বক জনাই দিছিল প্ৰকৃততে ভাৰতীয় সেনা বিশ্বৰ একমাত্ৰ সেনা যিয়ে আজিলৈ যুদ্ধত পৰাজয় বৰণ কৰা নাই।

দেশে স্বাধীনতা লাভ কৰাৰ মাথো ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতে দেশৰ সেনাৰ শক্তি, মনোবল আৰু সাহসে দেশক আগুৱাই নিছে। জনগণে শান্তিৰে শুব পাৰিছে। চুবুৰীয়া শত্ৰুৱে ভয়ত পেপুৱা লাগিব লগা হৈছে। তাৰ একমাত্ৰ কাৰণ হৈছে ভাৰতীয়ে সেনা। 

প্ৰয়া দুমাহ চিলিছিল কাৰ্গিল যুদ্ধ। এই যুদ্ধত যেতিয়া ভাৰতীয় সেনাই জয়ী হৈছিল তেতিয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছিল বীৰ সেনাৰ সাহসৰ ছবিখন। ৫২৭ গৰাকী দেশৰ জোৱান শ্বহীদ হৈছিল এই যুদ্ধত। ১৩০০ জোৱান আহত হৈছিল। এই যুদ্ধত শ্বহীদ হৈছিল সমগ্ৰ দেশৰে জোৱান।

পাকিস্তানৰ গ্ৰেনেট, অস্ত্ৰৰ আক্ৰমণত নিহত হৈছিল জোৱানসকল। কিন্তু ভাৰতীয় সেনাৰ কৌশলৰ সন্মুখত পাকিস্তান সেনাই আত্মসমৰ্পণ কৰিবল লগা হৈছিল।  কাৰ্গিল যুদ্ধত শ্বহীদ নায়কসকলক আজি পুনৰ দেশে স্মৰণ কৰিছে। ভাৰতীয় সেনাৰ বিষয়া, জোৱান, দেশৰ চৰকাৰ আৰু সাধাৰণ লোকে সেইসকল নায়কক শ্ৰদ্ধা যাচে।