newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এছডি কুমাৰস্বামীয়ে বৃহস্পতিবাৰে বিধানসভাত ৰাজ্যৰ প্ৰথমখন বাজেট উত্থাপন কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বাজেটত ৰাজ্যখনৰ কৃষক সকলে বিভিন্ন বেংকক আদায় দিবলগীয়া ২ লাখ পৰ্যন্ত কৃষি ঋণ ৰেহাই দিয়া সম্পৰ্কে ঘোষণা কৰে৷ 

বিধানসভাত বাজেট উত্থাপন কৰি বিত্ত বিভাগৰো মন্ত্ৰী কুমাৰস্বামীয়ে ৰাজ্যখনৰ কৃষকৰ সৰ্বমুঠ ৩৪ হাজাৰ কোটি টকাৰ কৃষি ঋণ ৰেহাইৰ ঘোষণা কৰে৷ তেওঁ ঘোষণা কৰা অনুসৰি, প্ৰথম চৰণত ২০১৭ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত কৃষকৰ কৃষি ঋণ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

কুমাৰস্বামীয়ে কয়, ‘কৃষকৰ বেংক একাউন্টত ঋণ ৰাশি অথৱা ২৫ হাজাৰ পৰ্যন্ত টকা ক্ৰেডিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷’ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, কৃষি ঋণ ৰেহাইৰ অধিকতম সীমা ২ লাখ টকা ধাৰ্য্য কৰা হৈছে৷ তেওঁ কয়, ‘ডাঙৰ খেতিয়ক সকলৰ ওচৰত ৪০ লাখ পৰ্যন্ত ঋণ আছে৷ কিন্তু ইমান ঋণ ৰেহাই দিয়াটো অসম্ভৱ৷ গতিকে মই ঋণ ৰাশি ২ লাখ পৰ্যন্ত সীমিত ৰখাৰ সিদ্ধান্ত লৈছোঁ৷’

ইফালে, কৃষি ভূমি থকা চৰকাৰী বিষয়া আৰু চৰকাৰী ক্ষেত্ৰৰ বিষয়া সকলৰ কৃষি ঋণ ৰেহাই দিয়া নহয় বুলি স্পষ্ট কৰে কুমাৰস্বামীয়ে৷ লগতে, যোৱা ৩ বছৰ ধৰি আয়কৰ আদায় নিদিয়া কৃষক সকলৰো কৃষি ঋণ ৰেহাই দিয়া নহয়৷

আনফালে, কৰ্ণাটকৰ আৰ্থিক স্থিতি সঠিক নহোৱাৰ বাবে মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে অতিৰিক্ত ধন আদায়ৰ বাবে বাজেটত পেট্ৰ’ল আৰু ডিজেলৰ ৰাজ্যিক কৰ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰে৷ এই ঘোষণা অনুসৰি, পেট্ৰ’লত ৩০ শতাংশৰ বিপৰীতে ৩২ শতাংশ ৰাজ্য কৰ নিৰ্ধাৰণ কৰা হৈছে৷ ইয়াৰ বিপৰীতে ডিজেলত ১৯ৰ পৰিৱৰ্তে ২১ শতাংশলৈ কৰ বৃদ্ধি কৰা হৈছে৷ চৰকাৰৰ এই সিদ্ধান্তৰ পিছত ৰাজ্যখনত পেট্ৰ’ল মূল্যত ১.১৪ টকা আৰু ডিজেলত ১.১২ পইচা বৃদ্ধি পাব বুলি জানিব পৰা গৈছে৷

যোৱা বছৰ বেংগালুৰুত স্থাপন হোৱা ইন্দিৰা কেন্টিনৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি কুমাৰস্বামীয়ে ২১১ কোটি ব্যয়েৰে ৰাজ্যত ২৪৭ খন নতুন ইন্দিৰা কেন্টিন খোলাৰ ঘোষণা কৰে৷

কুমাৰস্বামীয়ে বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত জনত দল চেকুলাৰ শাসনলৈ আহিলে ২৪ ঘন্টাৰ ভিতৰত কৃষি ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু কংগ্ৰেছ আৰু জেডিএছে মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিছত দুয়োটা দলৰ মাজত কৃষি ঋণ ৰেহাইক লৈ মতভেদৰ সৃষ্টি হৈছিল যদিও শেষত কুমাৰস্বামীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি সফল কৰিবলৈ সক্ষম হোৱাত ৰাজ্যখনত কুমাৰস্বামীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে৷