newsnextone.com | ডিজিটেল ডেস্কঃ ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিক দেওবাৰে নিশা আবাসৰ পৰা হস্পিতালত ৰখা হয়৷ চেন্নাইৰ কাবেৰি হস্পিতালত এটা বিশেষ চিকিৎসকৰ দলৰ তত্বাৱধনাত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৰক্ত চাপ আৰু জ্বৰৰ চিকিৎসা কৰি থকা হৈছে৷ 

দেওবাৰে নিশা ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি ঘটাত গোপালপুৰম স্থিত আবাসৰ পৰা চিকিৎসালয়লৈ অনা হয়৷ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছৰে পৰা হাজাৰ হাজাৰ সমৰ্থকে চিকিৎসালয়ৰ সন্মুখত ভিৰ কৰে৷ তাৰ মাজতে দেওবাৰে সন্ধিয়া কোনো লোকে অপপ্ৰচাৰ চলোৱাত আবেগিক হৈ পৰে সমৰ্থক৷ একাংশ সমৰ্থকে প্ৰকৃত খবৰ নিদিয়া বুলি উত্তেজিত হৈ পৰে৷ 

ফলত আৰক্ষীয়ে লাঠি চালনা কৰিব লগা হয়৷ পুত্ৰ এমকে ষ্টেলিনে চিকিৎসালয়ৰ বাহিৰলৈ আহি পিতৃ বৰ্তমান সুস্থ বুলি কব লগা হয়৷ সমৰ্থকক কোনো ধৰণৰ হিংসাৰ আশ্ৰয় নলবলৈ কয় আৰু ভুৱা প্ৰচাৰক বিশ্বাস নকৰিবলৈ কয়৷ ৯৪ বছৰীয়া কৰুণানিধিৰ অৱস্থা কিছু বেয়া হৈছিল বৰ্তমান উন্নত বুলি বিবৃতি জাৰি কৰে কাবেৰি চিকিৎসালয় কৰ্তৃপক্ষই৷ পিতৃৰ ওচৰে পাজৰে ২৪ ঘণ্টাই কন্যা তথা সাংসদ কানিমঝি আৰু পুত্ৰ এমকে ষ্টেলিন উপস্থিত থাকে৷

আনহাতে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে টুইট কৰি আশু আৰোগ্য কামনা কৰে কৰুণানিধিৰ৷ ইপিনে শাসকীয় বিজেপিকে ধৰি দেশৰ প্ৰায় সংখ্যাক দলৰ নেতাই ঘৰলৈ গৈ আৰু চিকিৎসালয় খবৰ লোৱাৰ লগতে স্বাস্থ্যৰ বুজ লয়৷ ১৯৯৮ চনত কৰুণানিধিৰ দল দ্ৰাবিড় মুনেত্ত কণগমে বিপি সিঙৰ মিত্ৰজোঁটৰ চৰকাৰত চামিল হৈছিল৷ ইয়াৰ পিছত বিজেপি, কংগ্ৰেছৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ লগতে তৃতীয় মৰ্চা পৰ্যন্ত গঠন কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰ গঠন কৰাত কেইবাবাৰো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ১৯২৪ চনৰ ৩ জন্মগ্ৰহণ কৰা কৰুণানিধিয়ে৷ তেওঁ প্ৰথমবাৰ তামিলনাডুৰ ১৯৬৯ চনত মুখ্যমন্ত্ৰী হৈছিল৷ ২০০৬ চনলৈ পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী হৈছিল৷