নতুন দিল্লীঃ কাশ্মীৰৰ এটা ক্ৰিকেট ক্লাবৰ সদস্যই পাকিস্তানৰ জাৰ্ছি পিন্ধি খেলপথাৰত নমাই নহয়, পাকিস্তানৰ ৰাষ্ট্ৰীয় সংগীত নেপথ্যত বাজি থকা ভিডিঅ’ এটা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতেই কেউজন কাশ্মীৰী যুৱককে আটক কৰিছে আৰক্ষীয়ে।

চুবুৰীয়া ৰাষ্ট্ৰখনৰ কাশ্মীৰ মিডিয়া চাৰ্ভিচ নামৰ এটা নিউজ প’ৰ্টেলে ভিডিঅ’টো আপলোড কৰাৰ পিছতে ক্লিপটো ভাইৰেল হৈ পৰে আৰু আৰক্ষীৰ দৃষ্টিগোচৰ হয়। কেন্দ্ৰীয় কাশ্মীৰৰ উপ আৰক্ষী অধীক্ষক গুলাম হাছান ভাটে কয় যে কেউজন যুৱককে জেৰাৰ বাবে আৰক্ষী চকীলৈ লৈ অহা হৈছে।

ইফালে ১১ জনীয়া দলটোৰ পৰিয়ালৰ সদস্যসকলে যুৱককেইজনক ততালিকে মোকলাই দিবলৈ দাবী জনাই থানা ঘেৰাও কৰি থকাৰ ফলত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে। পাকিস্তানপ্ৰীতি থকা বুলি সন্দেহ প্ৰকাশ কৰা ক্ৰিকেটাৰৰ দলটো কাশ্মীৰৰ গেণ্ডাৰবাল এলেকাৰ বুলি জানিবপৰা গৈছে।

নিউজ প’ৰ্টেলটোৱে পৰিবেশন কৰামতে ভিডিঅ’টোত দেখুওৱা খেলপথাৰখন গেণ্ডাৰবালৰ ৱেৱিল খেলপথাৰ। খেলখনত এটা দলে পাকিস্তান আৰু আনটো দলে ভাৰতক প্ৰতিনিধিত্ব কৰা বুলি গেণ্ডাৰবালৰ এজন স্থানীয় লোকে মন্তব্য কৰিছে।

যিকোনো আন্তঃৰাষ্ট্ৰীয় খেলৰ দৰে দুয়োখন দেশৰে ৰাষ্ট্ৰীয় সংগীত খেলখনত পৰিবেশন কৰা হৈছিল বুলি স্থানীয় লোকে দাবী জনাইছে। অৱশ্যে এইকথা ভিডিঅ’টোৰ জৰিয়তে জানিবপৰা যোৱা নাই। সন্দেহৰ আৱৰ্তত থকা বিষয়টো অনুসন্ধান কৰাৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান আয়োগৰ এটা দল বৃহস্পতিবাৰে উক্ত অঞ্চলটো সাক্ষাত কৰিব বুলি জানিবপৰা গৈছে।