newsnextone.com | ডিজিটেল ডেস্কঃ দক্ষিণ এছিয়াত ধৰ্ষণ কাণ্ড বৃদ্ধিক লৈ এটা ব্যংগ টুইট কৰি কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰিল এগৰাকী চৰকাৰী বিষয়া৷ শ্বাহ ফইজল নামৰ জম্মু-কাশ্মীৰৰ চৰকাৰী বিষয়া গৰাকীৰ বিৰুদ্ধে চৰকাৰী নীতিৰ সমালোচনা কৰাৰ অভিযোগত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিব পৰা গৈছে৷ ইফালে, ধৰ্ষণক লৈ ব্যংগাত্মক টুইট কৰাত চৰকাৰী নীতিৰ কেনেকৈ সমালোচনা কৰা হ’ল বুলি উভতি ধৰিছে ফইজলে৷

উল্লেখ্য যে, ৩৫ বৰ্ষীয় শ্বাহ ফইজল হৈছে সামৰিক সেৱাৰ পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰা জম্মু-কাশ্মীৰৰ একমাত্ৰ আইএএছ বিষয়া৷ তেওঁ তেওঁৰ শিক্ষা আৰু জ্ঞানেৰে কাশ্মীৰি যুৱ সমাজৰ মাজত এগৰাকী আদৰ্শ ব্যক্তি হৈ পৰিছে৷ ফইজলক দেখি কাশ্মীৰৰ বহু যুৱকেই সামৰিক সেৱাত যোগ দিয়াৰ বাবে উৎসাহিত হৈছে৷ বৰ্তমান ষ্টাডি লীভত তেওঁ হাভাৰ্ডৰ কেনেডি বিদ্যালয়ত অধ্যয়ন কৰি আছে৷ চলিত বৰ্ষৰ এপ্ৰিল মাহত যি সময়ত কাঠুৱা আৰু উন্নাও ধৰ্ষণ কাণ্ডক লৈ সমগ্ৰ দেশ উত্তাল হৈ আছিল, সেই সময়তে ফইজলে দক্ষিণ এছিয়াক ‘ৰেপিস্তান’ আখ্যা দি এটা টুইট কৰে৷

এই টুইটৰ পিছতে শেহতীয়াকৈ ফইজলৰ বিৰুদ্ধে চৰকাৰী নীতিৰ সমালোচনা কৰাৰ অপৰাধত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ পৰা এখন পত্ৰ লাভ কৰে৷ ইফালে, এটা টুইটৰ দ্বাৰা কেনেদৰে চৰকাৰী নীতিৰ সমালোচনা কৰা হ’ব পাৰে বুলি ফইজলৰ পক্ষত থিয় দি কেন্দ্ৰীয় চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছে নেশ্বনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুলাইও৷

উল্লেখ্য যে, ছ’চিয়েল মিডিয়াত চৰকাৰী নীতিৰ সমালোচনাক লৈ ২০১৬ চনতে নিষিদ্ধ কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চৰকাৰী নীতিৰ সমালোচনা কৰিলেতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিছিল কেন্দ্ৰীয় চৰকাৰে৷ এনে কৰিলে আনকি চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চাকৰি হেৰুৱাবও লাগিব পাৰে বুলি জনাই দিয়া হৈছিল৷