ডিজিটেল ডেস্কঃ পুনৰ এবাৰ কাশ্মীৰত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণ সংঘটিত হৈছে৷ শনিবাৰে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত শেষ ৰাতি ভয়াবহ আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে৷ আৰক্ষীৰ ওপৰত চলা এই আক্ৰমণত ৩ জন লোক নিহত হয়৷

নিহত ৩ জনৰ ১ জন আৰক্ষী আৰু ২ জন সাধৰণ লোক৷ সন্ত্ৰাসবাদীৰ আক্ৰমণক প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়ে৷ আৰক্ষীৰ প্ৰত্যুত্তৰত এগৰাকী সন্ত্ৰাসবাদী নিহত হয়৷

আনহাতে আন এজন সন্ত্ৰাসবাদী পলাই সাৰে৷ ঘটনাত ৬ গৰাকী ব্যক্তি আহত হয়৷ সন্ত্ৰাসবাদীসকলে গাড়ীৰে আহি আক্ৰমণ চলোৱা বুলি আৰক্ষী সঞ্চালক প্ৰধানে প্ৰকাশ কৰিছে৷