ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলদ্বীপ খোড়াই দাবী কৰা মতে ২০১৮ চনত পুৰ্বতকৈ অধিক ৰক্তাক্ত হ’ব কাশ্মীৰ উপত্যকা। ২০০ ৰো অধিক সন্ত্ৰাসবাদী হত্যা কৰা পৰিসংখ্যাই প্ৰান্তীয় ৰাজ্যখনত সাধাৰণ অৱস্থা ঘুৰাই অনাৰ লক্ষণ নহয় বুলিএকপ্ৰকাৰ দাঠি দি কৈছে ১৯৪৭ চনৰ আইপিএছ বিষয়াজনে।

২০১৩ বৰ্ষত কেন্দ্ৰীয় ভিজিলেঞ্চ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন আৰক্ষী সঞ্চালকজনে প্ৰতিৰক্ষা সন্দৰ্ভত এক বৈঠকত ভাগ ল’বলৈ নতুন দিল্লীলৈ আহি দা ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক আচুতীয়া সাক্ষাতকাৰত এই সম্ভাৱনা ব্যক্ত কৰিছে। 

প্ৰাক্তন ডিজিপিগৰাকীয়ে কোৱা মতে ২০১৭ বৰ্ষতকৈ ২০১৮ বৰ্ষত পৰিস্থিতিৰ অধিক অৱনতি ঘটিব। সেনাৰ মৃত্যুৰ সংখ্যাও শতকৰ ঘাই অতিক্ৰম কৰিব। ভোট বেংকৰ ৰাজনীতি আৰু মেৰুবিভাজনেই উপত্যকাটোত এনেদৰে হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ কাৰণ বুলি ব্যক্ত কৰে প্ৰাক্তন বিষয়াগৰাকীয়ে।   

ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত জম্মু-কাশ্মীৰৰ ২২ খন জিলাৰ ১৯ খনেই সন্ত্ৰাসবাদমুক্ত আছিল। পুলৱামা, কুপৱাড়া আৰু আপাৰ গাণ্ডেলৱালতেই সন্ত্ৰাসবাদীৰ ঘাটি আছিল। কিন্তু এতিয়া পৰিস্থিতি শোচনীয় হৈ পৰা বুলি কয় প্ৰাক্তন বিষয়াগৰাকীয়ে। 

পেলেট গানৰ ব্যৱহাৰ ২০১০ চনতো কৰা হৈছিল যদিও তাকে লৈ ইমান হৈ-চৈ লগা নাছিল। কিন্তু সম্প্ৰতি চিআৰপিএফ জোৱানক পেলেট গানৰ ব্যৱহাৰৰ সঠিক প্ৰশিক্ষণ দিয়া নাই যেন অনুমান হয়। এইদৰে পেলেট গান সম্পৰ্কত মত প্ৰকাশ কৰে প্ৰাক্তন ডিজিপিগৰাকীয়ে। 

উপত্যকাটোত সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা শক্তিবোৰক প্ৰতিহত নকৰাৰ বাবে কেন্দ্ৰ চৰকাৰক দোষ দি কুলদ্বীপ খোড়াই কয় যে ২০১০ চনতে ইণ্টেলিজেঞ্চ ব্যুৰোৰ সঞ্চালকৰ নেতৃত্বত আৰএডব্লিউকে ধৰি জম্মু-কাশ্মীৰৰ আৰক্ষী বিষয়াৰ এক সমিতি গঠন কৰি দিয়া হৈছিল যদিও সেই সদস্যসকল কোনোদিনে আলোচনাত নবহিল।