কাজিৰঙাঃ ভাৰতবৰ্ষ তথা অসমৰ সংবাদ মাধ্যম একাংশ ৰাজনৈতিক দলৰ নেতা তথা পূঁজিপতিৰ হাতোৰাত বন্দী বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ একাংশ সংবাদ প্ৰতিষ্ঠান শাসকীয় দলৰ মুখপাত্ৰৰ ভাও ধৰা বুলিও অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ মাজতো একাংশ সাংবাদিকে গণতন্ত্ৰৰ চকুৰ্থ স্তম্ভক পবিত্ৰ কৰি ৰখাৰ বাবে কাম কৰি গৈছে৷ বিভিন্ন পক্ষৰ সমালোচনা তথা সাংবাদিকত হত্যা আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ পিছতো  সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাক অটুট ৰখাৰ বাবে ৰাজ্য খনৰ উজনি-নামনিত একাংশ যুৱ সাংবাদিকে কাম কৰি গৈছে৷

যঠেষ্ট কষ্ট কৰি খবৰৰ মাজৰ প্ৰকৃত খবৰ বোৰ প্ৰচাৰ কৰি সমাজত উজলি উঠিছে তথা ৰাইজৰ আস্থা, বিশ্বাস ধৰি ৰাখিছে একাংশ যুৱ সাংবাদিকে৷ সমাজৰ জাগ্ৰত প্ৰহৰী তেনে কেইবাগৰাকী সাংবাদিকক শনিবাৰে কাজিৰঙাত সম্বৰ্ধনা জ্ঞাপন কৰে এটি সংবাদিক সংগঠনে৷ অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত উঠি অহা প্ৰজন্মৰ কেইবাগৰাকী উদ্যমী সাংবাদিকক কাজিৰঙাত Young Journalist বঁটা প্ৰদান কৰে৷ বনবিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত Young Journalist Association of Assamৰ প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক শনিবাৰে অনুষ্ঠিত হয়৷

ৰাজ্য বিভিন্ন প্ৰান্তৰ সংবাদিকৰ উপস্থিতিত অনুষ্ঠিত হয় সভাখন৷ সভাত সাংবাদিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ লগতে নতুন কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰা হয়৷ সভাতে সমগ্ৰ অসমৰ সাংবাদিকৰ সন্মুখত কাজিৰঙাৰ নিউজ লাইভৰ সংবাদকৰ্মী ৰঞ্জিৎ ৰজকক বন্যপ্ৰাণী আৰু পৰিবেশ সংৰক্ষণ শ্ৰেষ্ঠ সাংবাদিকতা সন্মান বঁটা প্ৰদান কৰে Young Journalist Associotion-এ৷ উজনিৰ সংবাদ ক্ষেত্ৰ খনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা প্ৰাগ নিউজৰ উৎপল বৰাক সংবাদ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে Young Journalist Association-এ বঁটা প্ৰদান কৰে৷

আনহাতে, যুৱ সাংবাদিক শ্যামলী বৰঠাকুৰ, প্ৰাঞ্জলপ্ৰতীম হাজৰিকা, বুবুল হাজৰিকা, মন্টু দলৈক সংবাদ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে Young Journalist Association-এ বঁটা প্ৰদান কৰে৷ এই অনুষ্ঠানতে নুৰুল আমিন, পলিমা চেতিয়া বসুমতাৰী, উৎপল বৰা, ৰঞ্জিত ৰজকক উপ-সভাপতি, কাঞ্চনজ্যোতি গোঁহাইক মুখ্য সম্পাদক আৰু ধ্ৰুৱজ্যোতি সাহাক মুখপত্ৰ হিচাপে লৈ এখন ৩১ জনীয়া Young Journalist Association-ৰ সমিতি গঠন কৰা হয়৷