নতুন দিল্লীঃ সোমবাৰে সন্ধিয়া ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট অভিনেতা কেদাৰ খানৰ অন্ত্যেষ্টিক্ৰিয়া কানাডাতে সম্পন্ন কৰা হ’ব।

দীৰ্ঘদীন অসুস্থ হৈ থকাৰ পাছত ৮১ বছৰ বয়সত তেওঁ ইহ সংসাৰ ত্যাগ কৰে। পুত্ৰ ছাৰফাৰাজে কয় যে তেওঁৰ পিতৃৰ দীৰ্ঘ দিনৰ অসুস্থতাৰ পাছত ৩১ ডিচেম্বৰত কানাডাৰ সময় মতে বিয়লি ৬ বজাত চকু মুদে। ১৬-১৭ সপ্তাহ হাস্পতলত থকাৰ পাছত তেওঁ সেইদিনা বিয়লি ক’মা অৱস্থালৈ যায়। 

ইয়াৰ আগদিনা বিশিষ্ট অভিনেতাজনে উশাহ-নিশাহ লোৱাত কষ্ট পাইছিল বুলি অমিতাভ বচ্চনে চুইটাৰযোগে প্ৰকাশ কৰিছিল।

পুত্ৰ ছাৰফাৰাজে কয় যে তেওঁৰ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া কানাডাতে সম্পন্ন কৰা হ’ব।

আফগানিস্তানৰ কাবুলত ২২ অক্টোবৰত জন্ম লাভ কৰা কেদাৰ খানক ব্যংগাত্মক তভিনয়ৰ বাবে সকলোৱে ভাল পাইছিল। তেওঁ অভিনয়ৰ লগতে বহুতো ছবিৰ কাহিনী ৰচনা কৰিছিল। তেওঁ মহম্মদ দেশাই আৰু প্ৰকাশ মেহতাৰ দৰে নিৰ্দেশকৰ লগতো কাম কৰা কেদাৰ খানে ৩০০তকৈ অধিক ছবিত অভিনয় কৰিছিল।