ডিজিটেল ডেস্কঃ বিনয়ী হ’বলৈ গৈ নিজৰ ভৰিতে কুঠাৰ মাৰিলে আম আদমি পাৰ্টিৰ মুখ্য সংযোজক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পাঞ্জাৱৰ আঞ্চলিক দল শিৰোমণি আকালি দলৰ নেতা, পাঞ্জাৱৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী বিক্ৰম মাঝিথিয়াক ৰাজহুৱাভাৱে ক্ষমা খুজিলে কেজৰিৱালে৷ 

ৰাজহুৱা ভাৱে ক্ষমা খোজাৰ লগে লগে বিৰোধীৰ আক্ৰমণৰ লগতে নিজ দলৰ নেতা-কৰ্মীৰ ৰোষত পৰাৰ দৰেই হৈছে কেজৰিৱালৰ। যোৱাটো পাঞ্জাৱৰ বিধান সভা নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থীৰ হৈ পাঞ্জাৱত প্ৰচাৰ চলাবলৈ গৈ তেতিয়াৰ পাঞ্জাৱৰ মন্ত্ৰী মাঝিথিয়াৰ বিৰুদ্ধে পাঞ্জাৱত নিচাযুক্ত দ্ৰব্য সৰবৰাহ চক্ৰৰ সৈতে জৰিত থকাৰ অভিযোগ উত্থাপন কৰিছিল কেজৰিৱালে। 

এই অভিযোগ উত্থাপন কৰাৰ পিছতেই মাঝিথিয়াই কেজৰিৱালৰ বিৰুদ্ধে অমৃতসৰ আদালততত মানহানি গোচৰ তৰিছিল। যাৰ ফলত এই অভিযোগৰ সত্যতা প্ৰমাণ কৰিব নোৱাৰি এগৰাকী মুখ্যমন্ত্ৰীয়ে ক্ষমা বিচাৰিব লগা গৈছে আদালতত৷ 

আম আদমি পাৰ্টিৰ কৰ্ণধাৰ তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে হঠাতে আদালতলৈ গৈ ১৫ মাৰ্চত এখন দীঘলীয়া পত্ৰ লিখি মাঝিথিয়াক ক্ষমা বিচাৰে। ইফালে পাঞ্জাৱৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে সততে সোচ্চাৰ হৈ থকা পাঞ্জাৱ প্ৰদেশ আপৰ অধ্যক্ষ ভগৱন্ত মানে কেজৰিৱালৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধীতা কৰি পদবীৰ পৰা পদত্যাগ কৰে।
 
আপ পাঞ্জাৱৰ অধ্যক্ষ পদৰ পৰা মই পদত্যাগ কৰিলো...কিন্তু পাঞ্জাৱত ড্ৰাগছ মাফিয়া আৰু সকলোধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে পাঞ্জাৱৰ সাধাৰণ নাগৰিক হিচাপে মোৰ যুঁজ অব্যাহত থাকিব-এনেদৰে টুইটযোগে সদৰী কৰে সিঙে। কেজৰিৱালে মাঝিথিয়াৰ বিৰুদ্ধে থকা সকলো অভিযোগ উঠাই লোৱাৰ লগতে ক্ষমা বিচাৰি বৃহস্পতিবাৰে পত্ৰ লিখাৰ পিছতেই প্ৰতিক্ৰিয়াস্বৰূপে এই পদক্ষেপ আপৰ নেতা কেজৰিৱালৰ। 

বিএছ মাঝিথিয়াৰ দৰে লোক কাৰাগাৰত থকাৰ যোগ্য, কিন্তু ন্যায় পোৱাৰ আশা আমি এৰা নাই, মাঝিথিয়া প্ৰসংগত শুকুৰবাৰে এনেদৰে কয় আপৰ সাংসদ সঞ্জয় সিঙে। কেজৰিৱালৰ ক্ষমাপত্ৰই বহুলোকক অসন্তুষ্ট কৰিছে বুলি কয় সিঙে।

ইফালে ঢৌতে খৰ এৰিবলৈ সুবিধা এৰা নাই বিৰোধী দলৰ ভালেমান নেতাই। শিৰোমণি আকালি দলৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰৎ কৌৰ বাদলে কেজৰিৱালৰ এনে কাৰ্যকলাপক 'সস্তীয় ৰাজনীতি’ আখ্যা দিয়ে। 

কেজৰিৱালৰ ক্ষমাপ্ৰাৰ্থনাৰ লগে লগে 'পাঞ্জাৱত আপৰ মৃত্যু’ ঘটিল বুলি মন্তব্য কৰিছে কংগ্ৰেছী নেতা নৱজোৎ সিং সিদ্ধুৱে। কেজৰিৱালৰ ক্ষমাই পাঞ্জাৱবাসীক লজ্জান্নত কৰিছে, সিদ্ধুৱে কয়। এতিয়া কোনখন মুখ লৈ আপৰ নেতাই পাঞ্জাৱত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাইজৰ আগত কথা ক’ব? এনেদৰে প্ৰশ্ন উত্থাপন কৰে সিদ্ধুৱে।        

এনেদৰে বিৰোধীৰ কটাক্ষৰ লগতে নিজৰ দলৰে গুৰুত্বপূৰ্ণ পদবীত থকা নেতাৰ কটাক্ষৰ সমুখীন হ’বলগীয়া হৈছে কেজৰিৱালে। আপৰ জনপ্ৰিয় নেতা তথা কবি কুমাৰ বিশ্বাসে টুইট কৰি নিজ দলৰে নেতা আক্ৰমণ কৰে৷

উল্লেখ্য, ২০টাতকৈও অধিক মানহানি গোচৰ ৰুজু হৈ আছে কেজৰিৱালৰ বিৰুদ্ধে৷ পাঞ্জাৱৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী বিক্ৰম মাঝিথিয়াৰ লগতে বিত্ত মন্ত্ৰী অৰুণ জেটলী, পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰী, কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশৰ দৰে প্ৰভাৱশালী নেতাসকলেও কেজৰিৱালৰ বিৰুদ্ধে মানহানি গোচৰ তৰি থৈছে৷ জানিব পৰা মতে দিল্লীৰ আদালতত ১ ঘন্টা সময় উপস্থিত থাকিবলগীয়া হয় মুখ্যমন্ত্ৰী কেজৰিৱাল৷